ৰিয়াৰ একাউন্টত জমা হোৱা নাছিল সুশান্তৰ ধন : ইডিৰ তদন্তৰ তথ্য

mcms

বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত ই ডিয়ে দীঘলীয়া জেৰা চলাইছিল যদিও এই পর্যন্ত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কোনো বিশেষ তথ্য-প্ৰমাণ লাভ কৰিবলৈ সক্ষম নহ’ল । প্ৰায় ১৮ ঘণ্টাজুৰি ৰিয়াক জেৰা কৰাৰ পাছতো বিশেষ তথ্য উদ্ধাৰ কৰিব নোৱাৰিলে তদন্তকাৰী সংস্থাটোৱে।

বিগত এবছৰত অভিনেতাজনৰ একাউন্টৰ পৰা ৰিয়াৰ একাউন্টলৈ প্ৰত্যক্ষভাৱে বিপুল পৰিমাণৰ ধন প্ৰেৰণৰ কোনো তথ্য লাভ কৰা নাই ইডিয়ে। প্ৰথমে লাভ কৰা তথ্য অনুসৰি সুশান্তৰ একাউন্টৰ পৰা ৫৫ লাখ টকা আন কোনো একাউন্টলৈহে প্ৰেৰণ কৰা হৈছিল ।

এই একাউন্ট কোটাক বেংকৰ। এই একাউন্টৰ যাৱতীয় লেনদেনৰ তথ্য ইডিয়ে পৰীক্ষা কৰি যোৱা বিত্তীয় বৰ্ষত একাউন্টটোত প্ৰায় ১৫ কোটি টকা জমা হোৱাৰ তথ্য লাভ কৰে । ইডিয়ে লাভ কৰা তথ্য অনুসৰি ৰিয়া আৰু সুশান্তৰ কোনো বেংকত জইণ্ট একাউণ্ট নাই। অৱশ্যে উত্থাপিত অভিযোগৰ সন্দৰ্ভত ইডিয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

ইপিনে, সুশান্তৰ মৃত্যুৰ দুমাহৰ পাছতো মৃত্যুৰ কোনো তথ্য লাভ নকৰাত আৱেগিক হৈ পৰিছে পৰিয়ালবৰ্গ আৰু অনুৰাগীৰ লগতে সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে। সুশান্তক পুনৰ মনত পেলাই আবেগিক ভাৱে সকলোকে ১৫আগষ্টৰ দিনা অৰ্থাৎ কাইলৈ ১০বজাত গ্ল’বেল প্ৰেয়াৰত অংশ ল’বলৈ আৰু সুশান্তৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাই ইনষ্টাগ্ৰামত এটি পোষ্ট শ্বেয়াৰ কৰে ।

Exit mobile version