‘গুৰুকুল কিডছ প্লে স্কুল’ৰ স্বাধীনতা দিৱস পালন

WhatsApp Image 2020 08 15 at 9.42.38 PM

কৰ’না মহামাৰীৰ ত্ৰাসৰ মাজতে আজি দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হয়। মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী খানামুখস্থিত গুৰুকুল কিডছ প্লে স্কুলেও অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস পালন কৰে। তলাবন্ধৰ বাবে বিদ্যালয়খন বন্ধ হৈ আছে যদিও স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এখনি অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দেশৰ জাতীয় পতাকা অংকন কৰা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় পক্ষী ময়ূৰৰ ছবিত ৰঙ কৰা, খাদ্য সামগ্ৰীৰে জাতীয় পতাকাৰ চিত্ৰ বনোৱা আৰু দেশভক্তিমূলক গানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিদ্যালয় খনৰ অধ্যক্ষা ডিপিকা সোণোৱালে অনলাইন যোগে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকললৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি উক্ত প্ৰতিযোগিতাখন মুকলি কৰে।

ছাত্ৰ-ছাত্ৰী সকলে অভিভাৱকৰ সহযোগত নিজ-নিজ ঘৰতে থাকি জাতীয় সংগীত পৰিবেশ কৰে। লগতে অভিভাৱক সকলে ছাত্ৰ-ছাত্ৰী সকলক স্বাধীনতা দিৱস আৰু দেশৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত মহান ব্যক্তি সকলৰ সম্বন্ধে জ্ঞান প্ৰদান কৰে।

Exit mobile version