বিলাসীপাৰাত বিজেপি কৰ্মীৰ নাভূত-নাশ্ৰুত ঘটনা

WhatsApp Image 2020 08 15 at 7.23.13 PM

সামাজিক মাধ্যমত কেইটামান বিশেষ ছবি ভাইৰেল: অসমৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়া

আজি সমগ্ৰ দেশতে উদযাপন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস । কিন্তু বিলাসীপাৰাৰ ৰাণীগঞ্জত স্বাধীনতা দিৱস পালনৰ বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাত অসমৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাষ্ট্ৰীয় পতাকা খনকো বিজেপিকৰণ কৰাৰ অভিযোগ শাসকীয় বিজেপি দলৰ নেতা কৰ্মীৰ বিৰুদ্ধে ।

বিলাসীপাৰাৰ ৰাণীগঞ্জ ব্লক মণ্ডল বিজেপি কাৰ্যালয়ত একেটা স্থানতে ৰাষ্ট্ৰীয় পতাকা খনৰ লগতে বিজেপিৰ দলীয় পতাকা খন দেখিবলৈ পোৱা গ’ল। এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমৰ বিভিন্ন প্ৰান্তত।  বিজেপিৰ পূব ধুবুৰী জিলা সমিতিৰ অধীনস্হ বিলাসীপাৰা ৰাণীগঞ্জ ব্লক মণ্ডল বিজেপি সমিতিয়ে আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ দৃশ্য এয়া ।

ব্লক মণ্ডল সমিতি খনৰ সভাপতি ভদ্ৰেশ্বৰ নাথে দলীয় সতীৰ্থ বৃন্দৰ উপস্থিতিত উত্তোলন কৰিছে দেশৰ সন্মান ৰাষ্টীয় পতাকাখন । কিন্তু আশ্চৰ্যকৰ ঘটনা একেটা স্থানতে ৰাষ্ট্ৰীয় পতাকা খনৰ লগতে দেখিবলৈ পোৱা গ’ল বিজেপিৰ দলীয় পতাকা। ব্লক মণ্ডল সমিতি খনৰ সভাপতি ভদ্ৰেশ্বৰ নাথৰ বিৰুদ্ধে উত্থাপন হৈছে ৰাষ্ট্ৰীয় পতাকা অপমান কৰাৰ গুৰুতৰ অভিযোগ।

নেতা গৰাকীৰ এনে কৰ্ম কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমৰ বিভিন্ন প্ৰান্তত। ব্লক মণ্ডল সমিতি খনৰ সভাপতি ভদ্ৰেশ্বৰ নাথে কৰা এনে কাণ্ড সংঘটিত কৰা ঘটনাক লৈ স্থানীয় ৰাইজৰ অভিযোগ । মুঠতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এনে ঘটনাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সচেতন ৰাইজে ।

Exit mobile version