আপোনাকলৈ মই গৰ্বিতঃধোনীক উদ্দেশ্যি পত্নী সাক্ষীৰ আৱেগিক প’ষ্ট

ms dhoni 1574827094

টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ল’লে ৷স্বাধীনতা দিৱসৰ দিনাই ধোনীয়ে ইনষ্ট্ৰাগামৰ একাউণ্টৰ জৰিয়তে এই সন্দৰ্ভত সদৰী কৰে ৷ ধোনীয়ে লিখে “আপোনালোকৰ পৰা পোৱা মৰম আৰু প্ৰেৰণাৰ কাৰণে ধন্যবাদ। আজি ৭ বাজি ২৯ মিনিটৰ পিছত মোক প্ৰাক্তন বুলি ধৰি ল’ব”৷ধোনীৰ এই প’ষ্টে তেওঁৰ লাখ লাখ অনুৰাগীক আবেগিক কৰাৰ উপৰিও ধোনীৰ পত্নী সাক্ষীকো আবেগিক কৰি তোলে ।

সাক্ষীয়ে ইনষ্ট্ৰাগাম একাউণ্টত ধোনীৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখে” আপুনি যি অৰ্জন কৰিলে৷তাত আপুনি গৌৰাৱাম্বিত হ’ব লাগে ।মই জানো যে আপুনি আপোনাৰ পেশ্যনক বিদায় দিয়াৰ মুহুৰ্তত আৱেগিক হৈ পৰিছে ৷খেলক নিজৰ সকলো দিয়াৰ কাৰণে আপোনাক শুভেচ্ছা। মোৰ আপোনাৰ উপলব্ধি আৰু আপোনাৰ ওপৰত গৰ্ব হয় ৷” ইফালে কিছুদিন পূৰ্বে টুইটাৰত ধোনীয়ে অৱসৰ লোৱা সন্দৰ্ভত ট্ৰেণ্ডিং হৈ থকা পিছত পত্নী সাক্ষীয়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে ৷সাক্ষীয়ে কৈছিল যে এইয়া ভূৱা বাতৰি ৷তলাবন্ধই মানুহক মানসিকভাৱে অসুখী কৰিলে। #DhoniRetires টুইট কৰা লোকসকল যোৱা তোমালোক দূৰত থাকা ৷আৰু নিজৰ কাম কৰা “

অৱশ্যে পিছত সাক্ষীয়ে এই টুইটটো ডিলিট কৰি দিয়ে ৷উল্লেখযোগ্য যে মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ লৈছে যদিও তেওঁৰ প্ৰতিখন খেল অনুৰাগীৰ মাজত সজীৱ হৈ আছে ৷২০১৯ ৰ ৯ জুলাইত মানচেষ্টাৰত নিউজিলেণ্ডত হোৱা খেলত ধোনীয়ে লৈছিল ৭২ টা বলত লৈছিল ৫০ ৰান। ধোনীয়ে এতিয়ালৈকে ৯০ খন টেষ্ট,৩৫০ ৱানডে আৰু ৯৮ খন টি ২০ খেলে ৷ইয়াত ধোনীয়ে ৪৮৭৬,১০৭৭৩,১৬১৭ ৰান সংগ্ৰহ কৰে ৷ধোনীয়ে আইপিএলত ১৯০ খন মেছত ৪৪৩২ ৰান সংগ্ৰহ কৰিছে ৷

Exit mobile version