আমেৰিকাৰ পৰা টাইৱানলৈ ৬৬ খন যুদ্ধ বিমান

7fdab7f3c9f3765b3023ca838ff24d65

আমেৰিকা আৰু চীনৰ মাজত হোৱা শীতল যুদ্ধৰ মাজতে টাইৱানে ৬৬ খন যুদ্ধ বিমান ক্ৰয় কৰিবলৈ আমেৰিকাৰ কোম্পানীৰ লগত এক চুক্তি স্বাক্ষৰিত কৰিছে ৷ সন্দেহ কৰা হৈছে এই চুক্তিত অসন্তুষ্ট হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে চীনে ৷ টাইৱানে আমেৰিকাৰ পৰা ক্ৰয় কৰিবলৈ লোৱা বিমান কেইখন বিগত তিনি দশকতকৈ অধিক শক্তিশালী ।

ইফালে টাইৱানৰ লগত পুৰণি ১৫০ এফ ১৬ যুদ্ধ বিমান আছে ৷ এই বিমানকেইখনক সেই সময়ৰ তৎকালীন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে মঞ্জুৰী দিছিল । সম্প্ৰতি টাইৱানক নতুন প্ৰযুক্তি বিদ্যাৰে সমৃদ্ধ নতুন যুদ্ধ বিমান উপলব্ধ হ’ব ৷ অৱশ্যে চীনে এই চুক্তিত বিৰোধ কৰিব পাৰে । কাৰণ চীনে সদায়ে টাইৱানক নিজৰ বুলি দাবী কৰি আহিছে ৷

আনহাতে আমেৰিকা আৰু টাইৱানৰ এই চুক্তিৰ ঘোষণা কৰা হৈছে শুক্ৰবাৰে ৷ ইয়াৰ পিছতেই যুদ্ধ বিমান সমূহত মোহৰ লগোৱা হৈছে। টাইৱানে চীনৰ লগত হৈ থকা শীতল যুদ্ধৰ মাজতে নিজৰ শক্তি বৃদ্ধি কৰিছে ৷ বিগত বৰ্ষত চীনৰ বৈদেশিক মন্ত্ৰণালয়ে ৱাশ্বিংটনক টাইৱানৰ লগতে যুদ্ধ বিমান আৰু অস্ত্ৰ শস্ত্ৰ বিক্ৰী নকৰিবলৈ চীনে আহ্বান কৰিছিল।

উল্লেখযোগ্য যে চীনে প্ৰায়ে টাইৱানক ৰঙা চকু দেখাই আছে । কিন্তু সম্প্ৰতি টাইৱানৰ মিছাইল দেখাৰ পিছত ৰঙা চীনে কি প্ৰতিক্ৰিয়া কৰে সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version