ধেমাজীত ২০০৪ ত স্বাধীনতা দিৱসৰ দিনা সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাত প্ৰাণ হেৰুওৱা নিৰীহ শিশু আৰু নাগৰিকসকলৰ স্মৃতিত আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন শোক দিৱস পালন কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই শোকসভাত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে নিৰীহ লোকসকলৰ কাৰণে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।
ADVERTISEMENT
লগতে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰি অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাৰণে সংকল্পবদ্ধ হয় ।আনহাতে অতিৰিক্ত উপায়ুক্ত দাসে উপস্থিত কৰ্মচাৰীসকলক শপত বাক্য পাঠ কৰোৱাই ।এই শোক সভাত অংশ লয় অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ,জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদৰ লগতে অন্যান্য বহু বিষয়া কৰ্মচাৰীয়ে ।