প্ৰসংগঃ কৰ’না ভাইৰাছ ভেকচিন

coronavaccine1.v1

আমেৰিকা যুক্তৰাষ্ট্ৰই কৰ’না ভাইৰাছৰ সন্দৰ্ভত পুনৰ দুটা ডেভেলপাৰৰ লগত ভেকচিনৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰিছে । ইয়াৰ পূৰ্বে আমেৰিকাই ভেকচিনৰ কাৰণে চাৰিটা অন্যান্য ডেভেলপাৰৰ লগত চুক্তি কৰিছিল। শুক্ৰবাৰে কৰা চুক্তিত জনচন এণ্ড জনচন কোম্পানীৰ জৰিয়ত হৈ আছে।

ইয়াৰ পূৰ্বৰ চুক্তিত আছিল এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড ইউনিভাৰ্চিটি, ফাইজৰ আৰু বায়’এনটেক আদি ইউনিভাৰ্চিটিসমূহ জড়িত আছিল । সম্প্ৰতি এইসমূহ প্ৰতিষ্ঠান তৈয়াৰ কৰা ভেকচিনৰ পৰিমাণ কম হোৱাৰ কাৰণে সম্প্ৰতি বিভিন্ন দেশত ভেকচিন তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছে।

আনহাতে ইউকে চৰকাৰে যি ছটা কোম্পানীৰ লগত কাম কৰিছে তেওঁলোকেও বিভিন্ন ধৰণে কাম কৰি আছে । ভেকচিন তৈয়াৰ কৰা প্ৰক্ৰিয়াটোত বহু ধনৰ প্ৰয়োজন হয় । ধনী দেশসমূহে ভেকচিন ক্ৰয় কৰিবৰ কাৰণে আগতীয়াকৈ বহু টকা প্ৰদান কৰিছে ভেকচিন প্ৰস্তুত কৰা কোম্পানীসমূহক । ইতিমধ্যে আমেৰিকাৰ ভেকচিনৰ প্ৰস্তুত কৰা কোম্পানীসমূহৰ লগত বহু টকাৰ চুক্তি স্বাক্ষৰিত কৰিছে ৷

Exit mobile version