স্বাধীনতা দিৱসৰ দিনাই নায়েগ্ৰা জলপ্ৰপাতে গৌৰাৱাম্বিত কৰিলে ভাৰতক

NF

শনিবাৰে দেশবাসীয়ে পালন কৰিলে ৭৪ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কানাডাৰ নায়েগ্ৰা জলপ্ৰপাতক তিনিবৰণীয়া জাতীয় পতাকাৰে সজাই তোলা হয় । সম্প্ৰতি নায়েগ্ৰা জলপ্ৰপাতৰ এই ফ’টোৱে গৌৰাৱাম্বিত কৰিছে প্ৰতিজন ভাৰতবাসীক। এই সন্দৰ্ভত কানাডাৰ ভাৰতীয় দূতাভাসে টুইটাৰৰ যোগেৰে নায়েগ্ৰাত তিনিবৰণীয়া জাতীয় পতাকাৰ স’তে এখন মনোমোহা ফ’টো শ্বেয়াৰ কৰে।

আনহাতে ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো আয়োজন কৰে নায়েগ্ৰা জলপ্ৰপাত পৰিষদ আৰু ইন্দো কানাডা আৰ্টচ কাউন্সিলে। ইফালে ৭৪’সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠানটোও ক’ভিড১৯ৰ সকলো সাৱধানতা অৱলম্বন কৰিহে পালন কৰা হৈছিল। লগতে অনুষ্ঠানটোত এটি কাৰ ৰেলীও অনুষ্ঠিত কৰা হয়। এই কাৰ ৰেলীটোৰ নাম “ত্ৰিৰংগা কাৰ ৰেলী” ৷

ইয়াত ২০০ খন কাৰত ভাৰত আৰু কানাডাৰ পতাকাৰে এটা ৰেলী উলিওৱা হয়। উল্লেখযোগ্য যে ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ত্ৰুদেও কানাডাত ভাৰতীয়সকলৰ অৱদান অসীম বুলি মন্তব্য কৰে ৷

Exit mobile version