অতিথিৰ পলায়ন পিছে কইনা নিহে এৰিলে কৰ’নাক্ৰান্তই

Marriage 1200 IANS 0

বিবাহকাৰ্য প্ৰায় শেষ হৈছিল । দৰা-কইনা তেতিয়াও হোমৰ গুৰিত । তেনে সময়তে হঠাৎ কইনাগৃহত উপস্থিত হ’ল আৰক্ষী আৰু একাংশ স্বাস্থ্যকৰ্মী ।ঘটনা দেখি আচৰিত সকলো । কিন্তু যেতিয়া গম পালে যে স্বয়ং দৰা কৰ’না পজিটিভ, তেতিয়াই বিবাহ বাহৰত উপস্থিত থকাসকলৰ মাজত লাগিল হাহাকাৰ ।

এই ঘটনাটো পশ্চিমবংগৰ ঝাড়গ্ৰামৰ । স্বাস্থ্যকৰ্মীয়ে দৰা ক’ভিড-১৯ত আক্ৰান্ত বুলি সদৰী কৰাৰ লগে লগে বিবাহবাহৰ প্ৰায় খালী হৈ পৰে । কোনো কোনোৱে আহাৰ আধা খোৱাতে এৰিয়েই ঘৰমুখী হ’ল।কোনোৱে আকৌ খোৱাৰ পাতত বহাৰ পৰিৱৰ্তে মাত এষাৰ দিয়েই পত্ৰং দিয়ে ।

আনহাতে, কইনা নিয়াৰ বাবে যিখন গাড়ী ফুলেৰে সজোৱা হৈছিল, সেই গাড়ীখনৰ চালকেও ইতিমধ্যে বাহনসহ পলাই পত্ৰং দিছিল । ফলত মহাসমস্যাৰ সৃষ্টি হয় উক্ত বিবাহ বাহৰত । অৱশেষত ওচৰৰ চুবুৰীৰে এজন যুৱকে এখন মটৰ চাইকেল দিয়ে । সেই মটৰ চাইকেলতে কইনাক উঠাই দৰাই নিজগৃহলৈ নিয়ে । দৰাগৃহত ন-কইনাৰ গৃহপ্ৰৱেশৰ আচাৰ-অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতে স্বাস্থ্যকৰ্মীসকলে ‘পজিটিভ’ দৰাক লৈ ৰাওনা হয় ক’ভিড হাস্পতাললৈ ।

চিকিৎসা বিভাগে জনোৱা মতে, যুৱকজনে প্ৰায় ১০ দিনৰ পূৰ্বে গুজৰাটৰ পৰা আহিছিল । সেইদিনাই পৰীক্ষাৰ বাবে লেলাউটিৰ নমুনা সংগ্ৰহ কৰা হৈছিল । কালি পুৱাৰে পৰা স্বাস্থ্যকৰ্মীসকলে পজিটিভ দৰাৰ স’তে যোগাযোগৰ চেষ্টা কৰিছিল । কিন্তু তেওঁলোকে ম’বাইলত যোগাযোগ কৰাত ব্যৰ্থ হৈ যুৱকজনৰ বাসগৃহত উপস্থিত হয় । তাতেই তেওঁলোকে গম পাই যে যুৱকজনে ইতিমধ্যে বিয়া কৰাবলৈ গৈছে । তাৰ পাছতে ঠিকনা সংগ্ৰহ কৰি স্বাস্থ্যকৰ্মী সকল উপস্থিত হয় কইনাগৃহত ।

Exit mobile version