সমগ্ৰ দেশত সম্প্ৰতি কৰ’নাৰ সংহাৰ ৷ তাৰ মাজতে কৰ’নাৰ পৰা সংক্ৰমণ নহ’বলৈ আমি বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিছো ৷ সামাজিক দূৰত্ব বৰ্তাই ৰাখিছো,মাস্ক পৰিধান কৰিছো ৷ কিন্তু যদি কাৰোবাৰ ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেন্তে তেওঁলোকে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব ৷ কাৰণ
ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশেষজ্ঞসকলে বয়োজ্যেষ্ঠ লোকসকলক কৰ’না ভাইৰাছৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। চাওঁ আহক ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি থাকিলে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ল’ব লগীয়া কিছুমান সাৱধানতা-
- সদায়ে মুখ আৰু নাক ঢকা কাপোৰৰ মাস্ক পৰিধান কৰিব লাগে ।
- ঘৰত ইজনে সিজনৰ পৰা কমেও ৬ ফুট দূৰত্ব বৰ্তাই ৰাখিব লাগে ।
- সদায় লগত চেনিটাইজাৰ ৰাখিবলৈ নাপাহৰিব ৷ কাৰণ পানী আৰু চাবোন নথকা ঠাইত আপুনি চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰিব ৷
- যদি ভ্ৰমণলৈ যাব লগীয়া হয়, সম্ভৱ হ’লে অকলে যাব। লগত শিশুক নিয়াৰ পৰা বিৰত থাকক । কাৰণ শিশুৱে ৰাজহুৱা স্থানত যি কোনো বস্তু চুই আপোনাৰ ঘৰলৈ ভাইৰাছ কঢ়িয়াব পাৰে ৷
ইফালে কৰ’না মহামাৰীৰ সময়ত আপুনি যদি জৰুৰীকালীন সেৱাত নিয়োজিত তেন্তে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব? এই ক্ষেত্ৰত-
- নিজৰ কাম এৰাৰ পিছত প্ৰায় ২০ ছেকেণ্ড চাবোনেৰে হাত ধোৱক।
- কামৰ পৰা যেতিয়া ঘৰলৈ আহিব তেতিয়া কাপোৰ, জোতা পৰিৱৰ্তন কৰাৰ উপৰিও চাবোনেৰে ভালকৈ হাত ধোৱক । পৰাপক্ষত গা ধোৱক ৷ আনহাতে যদি ঘৰৰ শিশুও বাহিৰত ফুৰিবলৈ বা কোনো অনুষ্ঠানলৈ গৈছে তেওঁলোককো কাপোৰ, জোতা পৰিৱৰ্তন কৰিবলৈ দিয়ক ৷ লগতে হাত ধুবলৈ দিয়ক ৷ কাৰণ শিশুসকলৰ দ্বাৰাও কৰ’না ভাইৰাছ বয়োজ্যেষ্ঠজনলৈ সংক্ৰমণ হ’ব পাৰে ।
- আনহাতে যদি আপোনাৰ কৰ’না লক্ষণ হোৱা যেন অনুভৱ হৈছে তেন্তে ঘৰতে ইজনে সিজনৰ প্ৰতি সামাজিক দূৰত্ব বৰ্তাই ৰাখক । যদি সম্ভৱ হয় তেন্তে পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা আঁতৰত ঘৰৰ এটা কোঠাত আৱদ্ধ হৈ থাকক ৷ অন্যথা যদি আপুনি একাষৰীয়াকৈ থাকিব নোৱাৰে তেন্তে পৰিয়ালৰ অন্য সদস্যৰ পৰা ৬ ফুট দূৰত্ব বৰ্তাই ৰাখক।
কৰ’নাৰ সময়ত যদি জৰুৰীকালীন সেৱা বা নিজৰ চাকৰি কৰিও ঘৰত বয়োজ্যেষ্ঠ লোকসকলক সহায় কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ’লে কি কৰিব আপুনি? এই ক্ষেত্ৰত-
- বয়োজ্যেষ্ঠ লোকসকলক সহায় কৰাৰ আগতে বা তেওঁলোকক আলপৈচান ধৰাৰ আগত চাবোনেৰে হাত ধুবলৈ নাপাহৰিব ৷
- লগতে সেইসময়ত নাক আৰু মুখ ঢাক খোৱাকৈ কাপোৰৰ মাস্ক পৰিধান কৰক।
- যদি আপুনি ঘৰ চাফা কৰিবলৈ টাৱেল ব্যৱহাৰ কৰিছে তেন্তে সেইখন ভালকৈ পৰিস্কাৰ কৰি ধোৱক ৷
ৰন্ধা বা খাদ্য বিলোৱাৰ ক্ষেত্ৰত কি কি সাৱধানতা অৱলম্বন কৰিব-
- যিকোনো বস্তু ৰন্ধাৰ আগতে হাতখন ভালকৈ ধুবলৈ নাপাহৰিব।
- প্ৰত্যেকটো বস্তু ব্যৱহাৰ কৰাৰ পিছত হাতখন ধুবলৈ নাপাহৰিব ৷
- খাদ্য ৰান্ধোতে বেছি জুইত ভালকৈ সিজাব লাগে । যাতে বেক্টেৰিয়া মৰি যায়।
- খাদ্য খাওঁতেও পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা প্ৰায় ৬ ফুট দূৰত্ব বৰ্তাই ৰাখক । ডাইনিঙত পৰিয়ালৰ লোকৰ লগত খোৱাৰ বিপৰীতে অকলে খাওক বা এটা কোঠাত খাওক ।
- পৰিয়ালৰ প্ৰত্যেকজন লোকে খাদ্য খোৱাৰ আগতে হাত ধোৱক ।
- খাদ্য খোৱা কাঁহীসমূহ পৰিবেশনৰ আগত আৰু পিছত ভালকৈ ধোৱক।
- লগতে পিন্ধা কাপোৰসমূহ ধুই মেলোতেই পৰিয়ালৰ অন্যান্য লোকৰ পৰা ৬ ফুট আঁতৰত মেলক ৷
- ইয়াৰোপৰি প্ৰায় ২০ ছেকেণ্ড চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলক ।
- নাক, মুখ সঘনাই হাতেৰে চোৱাৰ অভ্যাস পৰিত্যাগ কৰক ৷
- কাঁহ, হাঁচি মাৰোতে মাস্ক বা ৰুমালেৰে মুখ, নাক ঢাকি ৰাখিব ।