তুৰ্কীৰ ফাৰ্ষ্ট লেডীৰ লগত বলীউডৰ অভিনেতা আমিৰ খানঃ অসন্তুষ্ট অনুৰাগী

Viral Pics From Aamir Khans Meeting With Turkish First Lady

বলীউডৰ অভিনেতা আমিৰ খান ব্যস্ত আছে তেওঁৰ মুক্তিৰ অপেক্ষাত থকা ছবি “লাল সিং চদ্ধা”ৰ দৃশ্যগ্ৰহণত ৷ ছবিখন দৃশ্যগ্ৰহণৰ কাৰণে তুৰ্কীলৈ যোৱা আমিৰে তুৰ্কীৰ ফাৰ্ষ্ট লেডী “এমীন এৰদোগান”(Emine Erdogan) ক সাক্ষাৎ কৰে ৷ আনহাতে আমীৰে তুৰ্কীৰ ফাৰ্ষ্ট লেডীক সাক্ষাৎ কৰা কথাটো পছন্দ হোৱা নাই অনুৰাগী ৷ যাৰ কাৰণে সম্প্ৰতি আমীৰ খান সমালোচনাৰ সন্মুখীন হৈছে ৷ কাৰণ শেহতীয়াকৈ তুৰ্কী আৰু ভাৰতৰ আন্তৰাষ্ট্ৰীয় সম্বন্ধ ক্ৰমাৎ অৱনতি ঘটিছে ৷

তথ্য অনুসৰি তুৰ্কীয়ে কাশ্মীৰত সন্ত্ৰাসবাদী বৃদ্ধি কৰাত সহায় কৰিছে ৷ এনে সময়তে আমিৰ খানৰ তুৰ্কীৰ ফাৰ্ষ্ট লেডীক সাক্ষাৎ কৰাতো পছন্দ হোৱা নাই অনুৰাগীৰ । ইফালে তুৰ্কী ফাৰ্ষ্ট লেডীয়ে বলীউডৰ অভিনেতাজনক লগ পাই আনন্দিত হৈ পৰে।

টুইটাৰ যোগে এমীনে এদোগানে প্ৰকাশ কৰে “এগৰাকী প্ৰসিদ্ধ ছবি নিৰ্মাতা, নিৰ্দেশক, পৰিচালক আজি ইষ্টানবুলত উপস্থিত হৈছে ৷ মই আমিৰ খানক সাক্ষাৎ কৰি সুখী হৈ পৰিছো । তুৰ্কীত তেওঁৰ ছবি লাল সিং চদ্ধা দৃশ্যগ্ৰহণ হৈছে ৷ ইয়াৰ কাৰণে মই বহুত সুখী “৷

কিছুদিন পূৰ্বে এই ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছিল যদিও তলাবন্ধৰ কাৰণে বাতিল কৰা হয় । আমিৰ খানৰ লাল সিং চদ্ধাক ২০২০ ৰ বৰদিনত মুক্তি দিয়াৰ কথা আছিল । কিন্তু সম্প্ৰতি ছবি সমালোচক তৰুণ আদৰ্শই কয় যে এই ছবিখনত ২০২১ৰ বৰদিনতহে মুক্তি দিয়া হ’ব ৷ উল্লেখযোগ্য যে এই ছবিখনত কৰীণা কাপুৰ, বিজয় সেতুপতি আৰু ম’না সিঙৰ দৰে অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে ৷

Exit mobile version