নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ’ব JEE আৰু NEET পৰীক্ষা

image 1

উচ্চতম ন্যায়ালয়ে NEET আৰু JEE পৰীক্ষা পিছুৱাবলৈ কৰা আবেদনক আজি খাৰিজ কৰে । ইয়াৰ পিছতে ২০২০ JEE ১ ছেপ্তেম্বৰৰ পৰা ৬ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব । NEET ২০২০ ৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৩ ছেপ্তেম্বৰত ৷

ন্যায়াধীশ অৰুণ মিশ্ৰা, ন্যায়াধীশ বি আৰ আৰু ন্যায়ধীশ কৃষ্ণা মুৰাৰীৰ বিচাৰপীঠে এই সন্দৰ্ভত কয় যে জীৱনক এনেকৈ ধৰি ৰাখিব নোৱাৰি ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত খেলিব নোৱাৰি । আমি সকলো ধৰণৰ সুৰক্ষা উপায়ৰ লগত আগবাঢ়ি যাব লাগিব । ন্যায়ালয়ে ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰে যে তোমালোকে পৰীক্ষা পিছুৱাৰ যোগেদি নিজৰ এটা বছৰ ব্যয় কৰিব বিচাৰা নেকি?

আনহাতে ছাত্ৰ-ছাত্ৰীৰ ফালৰ কৰা অধিবক্তা অলখ আলোক শ্ৰীবাস্তৱে কয় যে যদি CBSE, ICSE আৰু AIBE পৰীক্ষা পিছুৱাব পাৰে তেনেহ’লে JEE অথবা NEET কিয় নোৱাৰে । অধিবক্তা শ্ৰীবাস্তৱে এই ক্ষেত্ৰত পৰীক্ষাসমূহ অনিৰ্দিষ্টকাললৈ পিছুৱাৰ প্ৰস্তাৱ দিয়ে । NEET আৰু JEE পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিৰোধ কৰি ১১ খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছিল ৷ প্ৰতিবেদনত দেশত কৰ’না ভাইৰাছৰ কাৰণে পৰীক্ষা স্থগিত কৰিবলৈ আহ্বান কৰিছিল ৷

ইফালে নেশ্যনেল টেষ্টিং এজেন্সীৰ ফালৰ পৰা চলিছেটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে নিৰ্ধাৰিত সময়ত পৰীক্ষা অনুষ্ঠিত হ’লে আমাৰ ফালৰ পৰা সকলো সুৰক্ষাৰ উপায় লোৱা হ’ব । উল্লেখযোগ্য যে আজিৰে পৰা JEE ৰ এডমিট কাৰ্ড দিব পাৰে । এডমিট কাৰ্ডসমূহ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা প’ৰ্টেলৰ পৰা ডাউনল’ড কৰিব লাগিব।

Exit mobile version