- মুম্বাইৰ পালঘৰস্থিত এক কেমিকেল ফেক্টৰীত সংঘটিত হয় এক বিস্ফোৰণৰ ৷
- এই বিস্ফোৰণৰ শব্দ ইমানেই প্ৰচণ্ড আছিল যে পালঘৰৰ পৰা ১০ কিলোমিটাৰলৈকে শুনা গৈছিল শব্দ।
- ইতিমধ্যে এই বিস্ফোৰণটোত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।
- আনহাতে, এক বিশেষ সূত্ৰৰ মত অনুসৰি এই বিস্ফোৰণৰ পিছত পালঘৰৰ বিভিন্ন অঞ্চলত গেছ বিয়পি পৰিছে ৷
- এই বিস্ফোৰণটো কেমিকেল ৰিজেকশ্যনৰ কাৰণে হোৱা বুলি তথ্য পোৱা গৈছে ।
- বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
মুম্বাইৰ পালঘৰ কেমিকেল বিস্ফোৰণঃ নিহত ১
