সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত চাঞ্চল্যকৰ ভিডিঅ’ত নতুন দাবী

879577 rhea grouppic

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত চি বি আই আৰু ইডিয়ে অব্যাহত ৰাখিছে। এই তদন্তৰ মাজতে এটা নিউজ চেনেলে অভিনেতাজনৰ মৃত্যুৰ দিনা কিছু অপ্ৰচাৰিত ভিডিঅ’ বাতৰিত প্ৰচাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিলে। উক্ত ভিডিঅ’ত এজন ব্যক্তি আৰু এগৰাকী মহিলাক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰা হৈছিল। উক্ত ব্যক্তি আৰু ৰহস্যময়ী মহিলাগৰাকীৰ সন্দৰ্ভত সুশান্তৰ পৰিয়ালৰ লোকে প্ৰশ্ন উত্থাপন কৰিছে।

‘ৰিপাব্লিক টিভি’ৰ দ্বাৰা প্ৰচাৰিত এই ভিডিঅ’ত ক’লা পোছাক পৰিধান কৰা এজন ব্যক্তিয়ে সুশান্তৰ মৃতদেহৰ কাষত ক’লা বেগ এটা লৈ থিয় দিয়া ধৰা পৰিছিল । উক্ত ব্যক্তিজনে পাতল গোলাপী ৰঙৰ এটা টুপি পিন্ধিছিল । এই ব্যক্তিজন সুশান্তৰ হাউচ মেনেজাৰ দীপেশ চাৱন্ত আছিল বুলি চেনেলটোৱে দাবী কৰিছে। উক্ত ব্যক্তিজনে হাতত বেগ লৈ চিৰিৰে নামি যোৱা দৃশ্যও ভিডিঅ’ত আবদ্ধ হৈছিল। একেটা ভিডিঅ’তে নীলা আৰু বগা ৰঙৰ ষ্ট্ৰিপড ছাৰ্ট পৰিধান কৰা এগৰাকী যুৱতীকো সুশান্তৰ বিল্ডিঙৰ চৌহদত দৌৰমাৰি যোৱা ধৰা পৰিছিল।

উক্ত যুৱতীয়ে ক’লা পোছাক পৰিধান কৰা লোকজনৰ স’তে কিবা কথা পতাৰ পাছত লোকজনৰ হাতৰ পৰা বেগটো অন্তৰ্ধান হৈছিল। এই ঘটনা সংঘটিত হোৱাৰ সময়ত উক্ত স্থানত মুম্বাই আৰক্ষী উপস্থিত আছিল । এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছত সুশান্তৰ পৰিয়ালৰ অধিবক্তা বিকাশ সিঙে বেগ, মহিলা আৰু লোকজনৰ পৰিচয় বিচাৰি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ লগতে কয় যে সুশান্তৰ মৰণোত্তৰ প্ৰতিবেদনত অভিনেতাজনৰ মৃত্যুৰ সময় উল্লেখ কৰা নাছিল। সুশান্তৰ মৃত্যুৰ বহু তথ্য প্ৰমাণ ইতিমধ্যে নষ্ট কৰা হৈছিল বুলিও অধিবক্তাজনে অভিযোগ কৰে।

ইপিনে, আন এক সূত্ৰত প্ৰকাশ কৰা মতে, উক্ত ভিডিঅ’ত প্ৰত্যক্ষ কৰা সন্দেহজনক মহিলাগৰাকী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিকৰ বান্ধৱী জমিলা । সুশান্ত আৰু ৰিয়া চক্ৰৱৰ্তীৰ ইনষ্টাগ্ৰামৰ একাউণ্টত এখন গ্ৰুপ ফটোত তেওঁলোক দুয়োজনৰ লগতে শৌবিক আৰু জমিলাক একেলগে দেখা পোৱা গৈছে । উক্ত ভিডিঅ’টি প্ৰচাৰ হোৱাৰ পাছতে সুশান্তৰ মৃত্যুৰ ৰহস্য অধিক বঢ়াই তুলিছে।

Exit mobile version