স্মাৰ্ট ফোনৰ অভাৱত মেধাৱী ছাত্ৰৰ আত্মহত্যা

suicide representation

স্মাৰ্ট ফোনৰ অভাৱত আজি পুৱাৰ ভাগত গোৱালপাৰা পলিটেকনিকৰ দ্বিতীয় চেমিষ্টাৰৰ ছাত্ৰ নৱজ্যোতি লাগাছুৱে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে তলাবন্ধ আৰম্ভ হোৱাৰ পিছত ছাত্ৰ গৰাকীয়ে নিজ গৃহ ধেমাজিলৈ গৈছিল আৰু আজি তেওঁৰ অনলাইন পৰীক্ষা আছিল ।

কিন্তু স্মাৰ্ট ফোনৰ অভাৱত অনলাইন পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰি নৱজ্যোতি লাগাছুৱে আজি নিজ গৃহতে আত্মহত্যাৰ দৰে চুড়ান্ত পথ বাছি লোৱা বুলি সহপাঠী ছাত্ৰৰ মন্তব্যত প্ৰকাশ । মেধাৱী ছাত্ৰ গৰাকীয়ে আত্মহত্যা কৰাত গোৱালপাৰা পলিটেকনিকৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত শোঁকৰ ছাঁ পৰিছে ৷

Exit mobile version