ইছলামবাদৰ চিৰিয়াখানাৰ পৰা পাঁচ শতাধিক জীৱ-জন্তু সন্ধানহীন

Screenshot 59

ইছলামবাদৰ এখন চিৰিয়াখানাৰ পৰা পাঁচ শতাধিক জীৱ-জন্তু সন্ধানহীন হৈছে । পাকিস্তানৰ ৰাজধানী মহানগৰখনত সংঘটিত হোৱা এই ঘটনাৰ পাছত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ইমৰান খান প্ৰশাসন ।উল্লেখ্য যে যোৱা মে’ত ইছলামাবাদৰ মাৰ্ঘাজাৰ চিৰিয়াখানাৰ পৰিচালনাৰ দায়িত্ব ‘ইছলামাবাদ ৱাইল্ড লাইফ মেনেজমেণ্ট ব’ৰ্ড’ৰ হাতত অৰ্পণ কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে ।

নিৰ্দেশ অনুসৰি ১৬ জুলাইত ব’ৰ্ডৰ হাতত চিৰিয়াখানাৰ দায়িত্ব অৰ্পণ কৰে ইছলামাবাদ মহানগৰ নিগমৰ বিষয়াই । দায়িত্ব অৰ্পনৰ সময়ত চিৰিয়াখানাখনৰ পৰা ৫১৩টা জীৱ-জন্তু নোহোৱা হোৱাটো পোহৰলৈ আহে ।

হিচাপ অনুসৰি জীৱ-জন্তু থাকিব লাগিছিল ৯১৭টা । বিষয়টো পোহৰলৈ অহাৰ পাছত দেশখনত তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে । উত্থাপিত অভিযোগ অনুসৰি, ধনৰ বাবে চিৰিয়াখানাখনৰ জীৱ-জন্তুবিলাক দেশখনৰ অভিজাত লোকসকলৰ হাতত তুলি দিয়ে ইছলামাবাদ মহানগৰ নিগমৰ বিষয়সকলে ।

পাকিস্তানৰ সংবাদ পত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি চিৰিয়াখানাখনৰ পৰা দুটা নীল গাই, ২২৫টা বিভিন্ন প্ৰজাতিৰ হাঁহ, ৰোজ ৰিংগড পাৰকিউ ১০৬টা তথা চিংকাৰা, বিভিন্ন প্ৰজাতিৰ হৰিণা আৰু জেব্ৰাকে ধৰি একাধিক জীৱ-জন্তু নোহোৱা হৈছে । বিষয়টোত মৌনতা অৱলম্বন কৰিছে দেশখনৰ চৰকাৰ-প্ৰশাসনে ।

Exit mobile version