কোনো ধৰণৰ লক্ষণ নোহোৱাকৈ কৰ’নাত আক্ৰান্ত হয় ২০-৪০ বছৰৰ ব্যক্তিঃ বিশ্ব স্বাস্থ্য সংস্থা

corona

সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্তৰ হৈছে ২ কোটি ২০লাখ ৪৮ হাজাৰ ৯৩৩ জন । ইয়াৰ ভিতৰত ১কোটি ৪৭ লাখ ৯১ হাজাৰ ৭৪৮ জন লোক কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে । মৃত্যু হৈছে ৭ লাখ ৭৭ হাজাৰ ৪৩০ জনৰ ৷ ইপিনে বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা অনুসৰি সমগ্ৰ বিশ্বত ২০-৪০ বছৰৰ লোকৰ কৰ’নাত আক্ৰান্ত হোৱাৰ সংখ্যা সৰ্বাধিক ।

বিশ্ব স্বাস্থ্য সংস্থাৰ এজন বিষয়াই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে কয় যে ২০-৪০ বছৰৰ লোকসকলে নিজেই নাজানে যে তেওঁলোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে । পূৰ্বতে কৰ’নাক নিয়ন্ত্ৰণ কৰা দেশসমূহতো বৰ্তমান কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হৈছে ৷ যাৰ কাৰণে বহু দেশত পুনৰ তলাবন্ধ দিয়া হৈছে।

ইফালে কৰ’নাত আক্ৰান্ত বিশ্বৰ অন্যান্য দেশসমূহৰ ভিতৰত নিউজিলেণ্ডত পুনৰ সোমবাৰে ৯ জন লোকৰ শৰীৰত পোৱা গৈ কৰ’না ৷ আনহাতে কৰ’নাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা অ’ৰ্ডেনৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছে । ড’নাল্ড ট্ৰাম্পৰ মন্তব্য “মোক কৰ’নাৰ সংক্ৰমণ হ্ৰাস কৰি দেখুওৱা নিউজিলেণ্ডত সম্প্ৰতি কৰ’না সংক্ৰমণ বৃদ্ধি পাইছে ৷”

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য যে ড’নাল্ড ট্ৰাম্পৰ দাবী ভূৱা ৷ কাৰণ নিউজিলেণ্ডৰ কৰ’নাত সংক্ৰমণৰ তুলনা আমেৰিকাৰ লগত কৰিব নোৱাৰি । ইপিনে ব্ৰিটেইনৰ এটা মিঠাইৰ কাৰখানাত কাম কৰা ৭২ জন লোকৰ দেহত পোৱা গৈছে কৰ’না । এই কাৰখানাটোত কাম কৰিছিল ১৬০০ লোকে ৷ দেশখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩লাখ ১৯ হাজাৰ ৯১৭ জন ৷ আনহাতে মৃত্যু হৈছে ৪১ হাজাৰতকৈ অধিক লোক ৷

অ’মান চৰকাৰে কৰ’নাৰ কাৰণে বন্ধ হৈ থকা পৰ্যটন বিভাগটো আজিৰে পৰা পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে  ৷ লগতে চৰকাৰে হোটেল, ৰেষ্টুৰেণ্ট, জিম আৰু ছুইমিং পুল খুলিবলৈ নিৰ্দেশ দিয়ে ৷ অৱশ্যে অ’মান চৰকাৰে কৰ’না ভাইৰাছৰ সকলো নিয়ম মানি চলিবলৈ সকলোকে আহ্বান কৰে । কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত নাইজেৰিয়াৰ চৰকাৰে ২৯ আগষ্টৰ পৰা সকলো আন্তৰাষ্ট্ৰীয় বিমান উৰণৰ নিৰ্দেশ দিয়ে ৷ লগতে দেশখনে ঘৰুৱা বিমানসেৱাও অনতিপলমে আৰম্ভ কৰিব ৷

Exit mobile version