- আজি ভাদ মাহৰ ১ তাৰিখ ৷ আজিৰে পৰা যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰত আৰম্ভ হৈছে চাৰি প্ৰসংগীয়া পালনাম । কৰ’না প্ৰতিৰোধৰ সকলো নীতি-নিয়ম পালন কৰি নামঘৰ পৰিচালনা সমিতিয়ে পালনাম আৰম্ভ কৰিছে।
- বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৫৫,০৭৮ জনলৈ বৃদ্ধি পাইছে ৷ মৃত্যু হৈছে ৮৭৬ জন । আনহাতে, দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ২৭ লাখৰ ঘৰ ৷ ইয়াৰ বিপৰীতে সুস্থ হৈছে প্ৰায় ১৯ লাখ লোক ।
- গোৱাৰ ৰাজ্যপাল সত্যপাল মালিকক মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিঙক গোৱাৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয় । এই নিৰ্দেশ প্ৰদান কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ।
- দেশৰ প্ৰশমনৰ কামত আপোন আপুনি পি এম কেয়াৰ ফাণ্ডৰ ধন ব্যৱহৃত হ’ব ৷ গতিকে এই ধনৰাশি পুনৰ দুৰ্যোগ প্ৰশমন কোষত জমা কৰাৰ প্ৰয়োজন নাই । পি এম কেয়াৰ ফাণ্ডক লৈ আজি এই ৰায়দান কৰে উচ্চতম ন্যায়ালয়ে ৷
- কৰ’নামুক্ত হৈ ঘৰলৈ ওভতাৰ পিছত পুনৰ অসুস্থ হৈ পৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৷ সোমবাৰে নিশা শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ বাবে নিশাই অমৃত শ্বাহক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।