বিটিচি নিৰ্বাচনৰ পূৰ্বে মাৰণাস্ত্ৰ উদ্ধাৰে কিহৰ ইংগিত দিয়ে
চিৰাঙত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ । চিৰাং জিলা আৰক্ষীয়ে আজি পুৱা প্ৰায় ৭.৩০ বজাত জিলাখনৰ ৰুণীখাটা থানাৰ অধীনৰ শান্তিপুৰ আৰক্ষী চকীৰ অন্তৰ্গত খাগ্ৰাবাৰী নামৰ গাঁৱত অভিযান চলাই জংঘলত পুতি থোৱা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । পলিথিনেৰে মেৰিয়াই গাঁতত পুতি থোৱা মাৰণাস্ত্ৰ সমূহ এক বিশেষ সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
এই বিষয়ে চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, ৰুণীখাটা আৰক্ষী চক্ৰ পৰিদৰ্শক ৰুস্তমৰাজ ব্ৰহ্ম আৰু শান্তিপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম ব্ৰহ্মৰ নেতৃত্বত চলোৱা অভিযানত এটা এইছ কে ৩৩ ৰাইফল আৰু এটা মেগজিন, এটা এ কে ৫৬ ৰাইফল আৰু দুটা মেগজিন, এটা ইউজি (Uzi type) ফেক্টৰীত নিৰ্মিত ফায়াৰমেন সহ দুটা মেগজিন, দুটা ফেক্টৰীত নিৰ্মিত পিষ্টল সহ দুটা মেগজিন, চীনত নিৰ্মিত দুটা হেণ্ড গ্ৰেনেড, এ কে চিৰিজৰ সজীৱ গুলি ৯৩ টা, ৫.৫৩ বৰৰ ২৫ টা সজিৱ গুলীসহ কিছু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে ।
জব্দ নথিপত্ৰৰ পৰা পোৱা তথ্য অনুসৰি নাগালেণ্ডৰ পৰা এই সমূহ মাৰণাস্ত্ৰ অহা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । চিৰাং জিলা আৰক্ষী অধীক্ষকজনে লগতে জনায় যে এই সমূহ মাৰণাস্ত্ৰ কিছুদিন পূৰ্বে চিৰাঙত সক্ৰিয় হৈ থকা এন ডি এফ বি(ছা) উগ্ৰপন্থীৰ মাৰণাস্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে । সংবাদ মাধ্যমৰ আগত চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে চিৰাঙত পূৰ্বতে উগ্ৰপন্থীয়ে চলাচল কৰা হেতু কোন উগ্ৰপন্থীৰ মাৰণাস্ত্ৰ এই লৈ তদন্ত অব্যাহত ৰাখিছে বুলিও প্ৰকাশ কৰিছে ।
এই সন্দৰ্ভত শান্তিপুৰ আৰক্ষী চকীত ২৯৭ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষী অধীক্ষক জনে জনায় যে বিটিচি নিৰ্বাচন যাতে শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয় তাৰ বাবেই আৰক্ষীয়ে অহৰহ চেষ্টা চলাই গৈছে আৰু সেয়ে বিটিচিৰ প্ৰতিখন জিলাতে ধাৰাবাহিক ভাৱে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে ।
বিটিচি নিৰ্বাচনত অবৈধ মাৰণাস্ত্ৰ ব্যৱহাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল কে’বাটাও সংগঠনৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াইয়ো । বিটিচিত যে অবৈধ মাৰণাস্ত্ৰ থকাৰ কথাটো এতিয়া আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰই প্ৰমাণ কৰি আছে । এতিয়াও বহুতে বিটিচিৰ আগন্তক পৰিষদীয় নিৰ্বাচনত হিংসাত্মক ঘটনা সংঘটিত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ।