ভাৰতত কৰ’না ভেকচিনৰ পৰীক্ষাৰ সন্দৰ্ভত নীতি আয়োগ আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ সংবাদমেল

swarajya 2020 07 92c7fb0f 2142 423d a4eb

ভাৰতত সম্প্ৰতি তিনিটি কৰ’নাৰ ভেকচিন প্ৰস্তুত কৰি থকা হৈছে ৷ ইয়াৰ ভিতৰত ক’ভেক্সিন”ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা কাইলৈৰ ভিতৰত আৰম্ভ হ’ব । বাকী কৰ’নাৰ দুটা ভেকচিন এটা প্ৰথম পৰ্যায় আৰু আন এটা দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন হৈছে । আজি এক সংবাদমেল যোগেৰে এই তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰণালয় আৰু নীতি আয়োগে ৷

সংবাদমাধ্যমৰ যোগৰে চৰকাৰে কৰ’না সন্দৰ্ভত সদৰী কৰে যে বিগত ২৪ ঘন্টাত ৮ লাখ ৯৯ হাজাৰ ৮৬৪ জনৰ কৰ’না টেষ্ট কৰা হৈছে । অনতিপলমে ইয়াক বৃদ্ধি কৰি ১০ লাখলৈ বৃদ্ধি কৰা হ’ব  ৷ দেশত প্ৰত্যেক দিনাই ৫৫ হাজাৰ কৰ’নাত আক্ৰান্ত ৰোগী সুস্থ হৈছে । প্ৰতিদিনে ১.৯২ শতাংশৰ উপৰি প্ৰত্যেক সপ্তাহত ১.৯৪ শতাংশ লোকৰ মৃত্যু হৈছে ৷ কৰ’নাত সংক্ৰমণৰ হাৰ ১০ শতাংশৰ পৰা ৭.২শতাংশলৈ হ্ৰাস হৈছে ৷

নীতি আয়োগৰ সদস্য প্ৰফেচাৰ বিকে পালে কয় যে কৰ’নাৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰিব ৷ গতিকে ইয়াৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব । মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷ আমাৰ উদ্দেশ্য হৈছে কৰ’নাত মৃত্যুৰ সংখ্যা ১ শতাংশতকৈও কম কৰা ৷

Exit mobile version