২৭ মাহলৈ দৰমহা নাই পৌৰকৰ্মীৰঃতাৰ ওপৰতে চলিছে অবৈধ নিযুক্তি

60888 51238 salaryhike pti

ৰাজ্যৰ ৯৭খন নগৰ আৰু চহৰত থকা পৌৰসভাসমূহৰ অৱস্থাই তৃণমূলৰ উন্নয়ন ব্যৱস্থাটোত মাধমাৰ শোধাইছে । চৰকাৰ আৰু পৌৰসভাৰ মুৰব্বীসকলৰ দায়বদ্ধহীনতা, অদক্ষতা আদিৰ ফলতে সৃষ্টি হৈছে এনে জটিল পৰিস্থিতিৰ । অধিকাংশ পৌৰসভাৰ অধীনৰ অঞ্চলত উন্নয়নমূলক কাম-কাজ দীৰ্ঘদিন ধৰি স্তব্ধ ৷

আনহাতে পৌৰকৰ্মীসকলৰ দৰমহা পৌৰসভা ভেদে ২৭ মাহ পৰ্যন্ত বন্ধ হৈ আছে । ইয়াৰ মাজতে আকৌ অবৈধভাৱে বহু পৌৰসভাই চৰকাৰী নিৰ্দেশ অমান্য কৰি হেজাৰ হেজাৰ কৰ্মচাৰীক নীতি নিয়ম অনুসৰণ নকৰাকৈ নিযুক্তি দি আছে । ইয়াৰ প্ৰভাৱ পৰিছে উন্নয়নমূলক কামকাজত ৷ তদুপৰি যিখিনি কাম কাজ হৈছে অথবা চলি আছে তাতো সংঘটিত হৈছে কেলেংকাৰী।

শেহতীয়াকৈ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই মাহৰ পাছত মাহ অনাদায় হৈ থকা দৰমহা মোকলাই দিয়াকে ধৰি আন আন বিভিন্ন দাবী পূৰণৰ বাবে চৰকাৰক ১৫ আগষ্টৰ সময়সীমা ধাৰ্য কৰি দিয়ে ৷ তৎস্বত্বেও পৰিস্থিতৰ কোনো সলনি নোহোৱাত পৌৰকৰ্মীসকল আন্দোলনমুখী হ’বলৈ সাজু হয়।

আন্দোলনৰ সন্দৰ্ভত সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে কয় যে চৰকাৰে প্ৰতিখন পৌৰসভাক বিগত ২০০৮ ৰ পৰা দুটাকৈ কিস্তিত বিশেষ পুঁজি মোকলাই দি আহিছে ৷ এই ধনৰ এশ শতাংশই দৰমহা শিতানত ব্যয় কৰিব পাৰিব বুলি কোৱা হয় । কিন্তু মুষ্টিমেয় কেইখনমান পৌৰসভাক বাদ দি বাকীবোৰৰ অধ্যক্ষ আৰু বৰ্ডে মিলি ধনৰ অংশ কাটি ৰাখে ৷ কৰ্তন কৰা ধন উন্নয়নমূলক কামত ব্যৱহাৰ হ’ব বুলি অজুহাত দেখুওৱা হয় । ইয়াৰ ফলত দৰমহা দিয়াত অসুবিধা হয় । এমাহ দুমাহকৈ প্ৰায় ২৭ মাহ দৰমহা নোপোৱা কৰ্মচাৰী অসমত আছে । বিগত ২০১৫-১৬ ত চৰকাৰে পুঁজি নিদিয়াৰ ফলতে দৰমহা অনাদায়ৰ জটিলতা বৃদ্ধি হয় ।

উল্লেখযোগ্য যে পৌৰসভা হ’ল স্বায়ত্ত্বশাসিত অনুষ্ঠান । নিয়ম মতে পৌৰসভাবোৰে নিজে সংগ্ৰহ কৰা কৰ কাটলেৰে সকলো ব্যয়ৰ জোৰা মাৰিব লাগে ৷ কিন্তু সেয়া অধিকাংশ পৌৰসভাৰ বাবে সম্ভৱ নহয়। স্বায়ত্ত্বশাসিত অনুষ্ঠান হ’লেও সম্পূৰ্ণ নিজস্ব উপাৰ্জনেৰে ৯০ শতাংশ পৌৰসভাই স্বচ্ছলভাৱে চলিব নোৱাৰে ৷ সেইবাবে চৰকাৰৰ অনুদান প্ৰয়োজন হয় ।ইপিনে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কেবিনেট বৈঠকত মন্ত্ৰীগোটৰ পৰামৰ্শ ভিত্তিত পৌৰকৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত লোৱা হৈছিল।

সেই সূত্ৰে ষ্টাফ পেটাৰ্ণ নিৰ্দিষ্ট কৰাৰ পদক্ষেপ লৈ উক্ত বৰ্ষৰ চাৰি ছেপ্তেম্বৰত নতুন নিযুক্তি বন্ধ ঘোষণা কৰে ৷ কিন্তু বিত্ত বিভাগে বিভিন্ন অজুহাত উলিয়াই চাকৰি নিয়মীয়া কৰণত বাধা দি আহিছে ৷ অৱশ্যে ২০১৩ হে নিয়মীয়াকৰণৰ বাবে ষ্টাফ পেটাৰ্ণ নিৰ্দিষ্ট কৰাৰ পদক্ষেপ লয় আৰু সেইমতে আগবাঢ়ে ৷ এই সন্দৰ্ভত সন্থাৰ সাধাৰণ সম্পাদক আলীয়ে কয় যে উক্ত নিৰ্দেশনা জাৰি কৰা সময়লৈ অসমৰ সকলো পৌৰসভাত থকা পৌৰকৰ্মীৰ সংখ্যা আছিল ৩,৮০০ জন ৷ কিন্তু এক হিচাপ অনুসৰি নিযুক্তি বন্ধৰ নিৰ্দেশৰ পাছতো প্ৰায় দুহেজাৰ লোকক নিযুক্তি দিয়া হয় ৷

এই সন্দৰ্ভতে ৰাজ্যৰ পৌৰ প্ৰসাসন বিভাগৰ সূত্ৰই মন্তব্য কৰে যে তেনেদৰে অবৈধভাৱে নিযুক্তি দিয়াসকলৰ দৰমহৰ আদায়ৰ ব্যৱস্থা কৰিবলৈ বেছিভাগ অধ্যক্ষই বিভিন্ন শিতানৰ ধন কৰ্তন কৰাৰ তথ্য বিভাগে লাভ কৰিছে । তাৰ পৰিৱৰ্তে উন্নয়নমূলক কাম কাজ ৯০ শতাংশ পৌৰসভাত স্তব্ধ হৈ আছে । তদুপৰি ৱাৰ্ডৰ প্ৰতিনিধি তথা পৌৰসভাৰ সদস্যই নিজে অথবা অঙহী বঙহী দ্বাৰা তেনে কামৰ ঠিকা কৰাৰ ফলত কামৰ মান নিম্ন গামী হৈছে।

Exit mobile version