প্ৰকৃত ৰাষ্ট্ৰনায়ক :সমুদ্ৰত ডুবন্ত দুই মহিলাক উদ্ধাৰ পৰ্তুগালৰ ৰাষ্ট্ৰপতিৰ

lu0sof2598h51

সমুদ্ৰৰ বুকুৰ পৰা দুগৰাকীকৈ বিপদগ্ৰস্ত মহিলাক উদ্ধাৰ কৰি চাঞ্চল‍্যৰ সৃষ্টি কৰিছে পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেব’লোৱে । যোৱা শনিবাৰে ৰাষ্ট্ৰপতি ৰেব’লোৱে পৰ্টুগালৰ জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ আলগাৰ্ভৰ সমুদ্ৰ উপকূললৈ গৈছিল । তাতেই ৰাষ্ট্ৰপতিয়ে সাংবাদিকৰে বাৰ্তালাপতো অংশ লৈছিল । তেনে সময়তে দেখিবলৈ পোৱা গ’ল সমুদ্রলৈ ঢাপলি মেলা সৰু নাও এখনে পাক ঘুৰণি খাবলৈ লৈছে । নাওখনত আছিল দুগৰাকী মহিলা । পাক ঘুৰণি খাই থকাৰ সময়তে নাওখন হঠাৎ উলটি যায় ।

ফলত মহিলা দুগৰাকী পানীত পৰি যায় । এই দুৰ্ঘটনাটো দেখাৰ পাছতে ৰাষ্ট্ৰপতি ৰেব’লোৱে লগে লগে সমুদ্ৰৰ পানীত জপিয়াই পৰে । কিন্তু ৰাষ্ট্ৰপতিয়ে মহিলা দুগৰাকীৰ ওচৰ পোৱাৰ পূৰ্বেই আন এজন লোকে জেটস্কিৰ সহায়ত দুৰ্ঘটনাস্থলীত উপস্থিত হয় । তাৰ পাছত আটায়ে লগ লাগি নাওখন ঠেলি উপকূললৈ আনিবলৈ সক্ষম হয় । এই ভিডিঅ’টো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ৭০ ঊৰ্ধ্বৰ ৰাষ্ট্ৰপতি ৰেব’লোৰ এই দুঃসাহসিক কাৰ্যক লৈ চৰ্চা চলিছে ছ’চিয়েল মিডিয়াত ।

Exit mobile version