মধ্যপ্ৰদেশৰ চাকৰি কেৱল স্থানীয় যুৱকৰ বাবে

Screenshot 60

মধ্যপ্ৰদেশৰ চৰকাৰী চাকৰি এতিয়াৰে পৰা কেৱল ৰাজ্যখনৰ বাসিন্দাৰ বাবেহে সংৰক্ষিত হ’ব ৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই সিদ্ধান্তৰ বাবে দেশজুৰি সংস্থাপনৰ সংকটৰ সময়ত এই ঘোষণা হ’ব পাৰে বুলি চৰ্চা হৈছে ৷ মধ্যপ্ৰদেশৰ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৷

“মধ্যপ্ৰদেশৰ চৰকৰী চাকৰি যাতে কেৱল আমাৰ ৰাজ্যৰ যুৱচামেহে লাভ কৰে তাৰ বাবে আমি প্ৰয়োজনীয় ন্যায়িক পদক্ষেপ ল’ম । মধ্যপ্ৰদেশৰ সম্পদ কেৱল মধ্যপ্ৰদেশৰ সন্তানৰ বাবেহে ৷” এক ভিডিঅ’ বাৰ্তাযোগে চৌহানে এইদৰে কয় ৷ পূৰ্বতে তেওঁ কৈছিল যে মধ্যপ্ৰদেশৰ যুৱচামক চৰকাৰী চাকৰিত অগ্ৰাধিকাৰ দিয়া হ’ব ৷

“মধ্যপ্ৰদেশৰ চৰকাৰী চাকৰিত আমাৰ যুৱচামক অগ্ৰাধিকাৰ দিয়া হ’ব ৷ এই সংস্থাপনৰ সুযোগৰ সংকটকালত আমাৰ ৰাজ্যৰ যুৱ প্ৰজন্মক লৈ আমি সচেতন হোৱাটো আমাৰ দায়িত্ব। আমি দশম আৰু দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বিটৰ ভিত্তিত স্থানীয় যুৱকৰ নিয়োজন নিশ্চিত কৰিবলৈ এক পদ্ধতি গ্ৰহণ কৰিম ।” তেওঁ এইদৰে কয় ৷ তদুপৰি ৰাজ্যত অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ১৪ ৰ পৰা ২৭ শতাংশ বৃদ্ধি কৰিবলৈ আদালতত যুঁজ দিয়াৰ কথাও চৌহানে উল্লেখ কৰে ।

Exit mobile version