ৰূপনগৰ মুক্তি যুঁজাৰু পথত কৃত্ৰিমবান

WhatsApp Image 2020 08 19 at 5.27.08 PM

গুৱাহাটী মহানগৰীৰ সদাব্যস্ত পথসমূহৰ ভিতৰত অন্যতম ৰূপনগৰ মুক্তি যুঁজাৰু পথ। কিন্তু এই অতি ব্যস্ত পথটো সম্প্ৰতি এজাক বৰষুণতে ডুব যায়। এজাক বৰষুণতে এআঁঠু পৰ্যন্ত কৃত্ৰিম বানৰ সৃষ্টি হোৱা এই পথটোৰ কৃত্ৰিমবান নিষ্কাষণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ।

পূৱ গুৱাহাটী সমষ্টিৰ ১৮ নং ৱাৰ্ডৰ অন্তৰ্গত, স্থানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় বাসিন্দা সকলে উত্থাপন কৰি আহিছে। যাৰ ফলত স্থানীয় ৰাইজে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে । এই পথেৰে নলাৰ পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই ।

আনহাতে বাৰিষা অহাৰ লগে লগে স্থানীয় ৰাইজে অসুবিধাৰ সন্মূখীন হয় । মনকৰিবলগীয়া যে, এই ব্যস্ত পথটোত বিভিন্ন চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান আদি আছে । আবাসিক এলেকাৰ মাজতে চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ো আছে। বহু বছৰ পূৰ্বে চৰকাৰী মাটিত চৰকাৰী ধনেৰে নিৰ্মাণ কৰা এই কাৰ্যালয়ৰ সন্মুখতে বাৰিষা, খৰালী উভয়তে এআঁঠু পৰ্যন্ত কৃত্ৰিম বানৰ সৃষ্টি হয় ।

স্থানীয় বাসিন্দা সকলে সময় সাপেক্ষে পথটোৰ মেৰামতি নিজাববীয়াকৈ কৰিছিল যদিও চৰকাৰী কাৰ্যালয় এটালৈ পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত অহৰহ দুচকীয়া, চাৰিচকীয়া গাড়ী মটৰ চলাচল কৰাৰ ফলত পথটো দ হৈ যোৱাৰ লগতে যাতায়াতৰ একেবাৰে অনুপযোগী হৈ পৰিছে। বিগত প্ৰায় চাৰিবছৰ পূৰ্বে পথটো মেৰামতি কৰা হৈছিল যদিও এতিয়া সম্পূৰ্ণ বিধ্বস্ত হৈ পৰা আবাসিক এলেকাৰ মাজত থকা এই পথটো মেৰামতি কৰি তোলাৰ ক্ষেত্ৰত চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ।

মনকৰিবলগীয়া যে চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়তে চাহ জনজাতি ছোৱালীৰ বাবে আৱাসগৃহ এটাও আছে । তৎস্বত্তেও সঞ্চালকালয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই পথটো মেৰামতি কৰিবলৈ । সেয়েহে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই পথছোৱা মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তোলাৰ বাবে দাবী জনাইছে স্থানীয় বাসিন্দাই।

Exit mobile version