বলীউডৰ অভিনেতা অনিল কাপুৰৰ বয়স ৬৩ বছৰ ৷ কিন্তু ৬৩ বছৰীয়া অনিল কাপুৰক বয়সে হাৰ মনাব পৰা নাই ৷ কাৰণ বলীউডৰ ফিটনেছৰ ক্ষেত্ৰত মনলৈ প্ৰথমতে অহা অভিনেতাজনেই অনিল কাপুৰ ৷ ইতিমধ্যে ফিটনেছত যে অনিল কাপুৰতকৈ আগত কোনো নাই সেই কথা অভিনেতাজনে প্ৰমাণ কৰিছে ইনষ্টাগ্ৰামৰ জৰিয়তে ।
ইনষ্ট্ৰাগামত অভিনেতাজনে ঘৰতে শাৰীৰিক ব্যায়াম কৰা এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু লিখিছে “যেতিয়া Muscles আপোনাৰ মুখখনতকৈ দেখিবলৈ ভাল হয় ৷” ইয়াৰ পিছতে অনিল কাপুৰৰ প’ষ্টটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বলীউডৰ বহু অভিনেতাই । “No Problem” ছবিৰ সহ অভিনেতা তথা ফিটনেছৰ কাৰণে চৰ্চাত থকা সুনীল চেট্টীয়ে কয় “আপোনাৰ মুখ আৰু Muscles দুয়োটাই সুন্দৰ ছাৰ ৷ প্ৰেৰণাদায়ক ৷” বলীউডৰ আন এজন অভিনেতা বৰুণ ধাৱানে কয় “যোদ্ধা” ৷ অনিল কাপুৰ পুত্ৰ তথা বলীউডৰ অভিনেতা হৰ্ষবৰ্দ্ধন কাপুৰে কয় “ৱাহ” ৷
ইপিনে সততে ৬০ উৰ্দ্ধৰ অভিনেতা অনিল কাপুৰে ছ’চিয়েল মিডিয়াত ফিটনেছৰ বিভিন্ন ভিডিঅ’ চৰ্চা লাভ কৰে । উল্লেখযোগ্য যে বিগত সময়ত অনিল কাপুৰক মোহিত চুৰিৰ ছবিৰ মলঙত দেখা গৈছিল । ছবিখনত আদিত্য ৰয় কাপুৰ, দিশা পাটানীয়েও অভিনয় কৰিছিল । বিত্তীয়ভাৱে যথেষ্ট সফল আছিল এই ছবিখন ৷ আনহাতে অনিল কাপুৰে শেহতীয়াকৈ “মুম্বাই ছাগা” নামৰ ছবিখনত জন আব্ৰাহামৰ লগত দেখা যাব।