বোকাজানৰ অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত আজি কিছুদিন ধৰি উপৰ্যুপৰি নিষিদ্ধ ড্ৰাগছ জব্দ হৈ আহিছে ৷ আন্তঃৰাজ্যিক চোৰাং ব্যৱসায়ৰ পদুলিমুখ স্বৰূপ সোণালী ত্ৰিভুজ ৰূপে খ্যাত লাহৰীজানত আৰক্ষীৰ তৎপৰতাৰ বাবে ড্ৰাগছৰ ব্যৱসায় সাময়িকভাবে কমি আহিছিল যদিও তলাবন্ধৰ সময়ৰ পৰা পুনৰ মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে ৷ যোৱা এটা মাহৰ ভিতৰত সীমান্তৱৰ্তী খটখটী আৰু ডিলাই থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নিষিদ্ধ ড্ৰাগছ জব্দ আৰু সৰবৰাহকাৰীক আটক কৰাৰ ঘটনাই ড্ৰাগছৰ ব্যৱসায় যে সক্ৰিয় হৈ আছে সেয়া নিশ্চিত হৈ পৰিছে ৷
মঙ্গলবাৰে বিয়লি বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৰপথাৰ আৰক্ষী চক্ৰৰ চক্ৰ বিষয়া ভূপেন কলিতা আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মৰ সহযোগত সীমান্তৰ লাহৰীজান পকা ফিল্ডত চলোৱা এক অভিযানত চাবোনৰ বাকছত ভৰাই অনা আঠ পেকেট হিৰ’ইন জব্দ কৰাৰ লগতে নগাঁও কছুৱাৰ আব্দুল জলিল আলি নামৰ এটা সৰবৰাহকাৰীক আটক কৰে ৷ জব্দ কৰা ৮৮ গ্ৰাম ওজনৰ ড্ৰাগছ খিনিৰ মূল্য তিনি লাখ বিশহাজাৰ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ ধৃত সৰবৰাহকাৰীটোক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।