ইটানগৰত অল নিসি ইয়’থ এছোচিয়েন (ANYA)য়ে দিয়া ৩৬ ঘন্টীয়া বন্ধত বিদ্যালয়, বেডমিণ্টন কৰ্ট, চৰকাৰী কাৰ্যালয় সকলোবোৰ আৰক্ষী অধীক্ষকসকলক ব্যৱহাৰ কৰিবলৈ দিয়া হয় । জিলা উপায়ুক্তই দিয়া জাননী অনুসৰি ANYAV ২৭-২৮ আগষ্টত দিয়া ৩৬ ঘন্টীয়া বন্ধত এই কাৰ্যালয়, বিদ্যালয়সমূহ ব্যৱহাৰ কৰিব আৰক্ষীসকলে ৷
আনহাতে আৰক্ষীক ব্যৱহাৰ কৰিবলৈ দিয়া গৃহসমূহৰ ভিতৰত আছে ইএছএছ চেক্টৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, অৰুণোদয় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গংগা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিদ্যুত ভৱন, ৰাজভৱনৰ বেডমিণ্টন হ’ল, ইটানগৰস্থিত গহপুৰৰ বিপিএল ভৱন আদি ৷
উল্লেখযোগ্য যে ANYA ৩৬ ঘন্টীয়া ইটানগৰ বন্ধৰ জৰিয়তে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ পদত্যাগ বিচাৰিছে ৷ ANYA ৰ অভিযোগ চৰকাৰ পৰিচালনা কৰাত অসফল হৈছে প্ৰেমা খাণ্ডু ৷ সেয়েহে তেওঁ পদত্যাগ কৰিব লাগে ৷