একাউন্টত নূন্যতম ধন জমা ৰখাৰ নিয়ম প্ৰত্যাহাৰ ষ্টেট বেংকৰ

sbi 1 1

এতিয়াৰে পৰা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ছেভিংছ বেংক একাউণ্টৰ ধাৰকসকলে একাউন্টত নূন্যতম টকা জমা ৰখাৰ বাধ্যবাধকতা নাথাকিব। ষ্টেট বেংকে এই কথা ঘোষণা কৰি জনোৱা মতে, বেংক একাউন্ট ধাৰক সকলে নিজৰ একাউন্টত নূন্যতম বেলেঞ্চ জমা ৰখাৰ নিয়ম এতিয়াৰে পৰা প্ৰযোজ্য নহ’ব ।

ADVERTISEMENT

তদুপৰি, এছ বি আইৰ গ্ৰাহকসকলে বেংকৰ এছ এম এছ সেৱা লাভৰ এতিয়াৰে পৰা কোনো মাচুল আদায় দিব নালাগে। উল্লেখ্য যে, ছেভিংছ  বেংক একাউন্টৰ ক্ষেত্রত নূন্যতম ধন জমা ৰখাৰ নিয়ম এছ বি আয়ে যোৱা মাৰ্চৰ অন্তিমভাগত সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছিল। কৰ’নাৰ সংকটত সৰ্বসাধাৰণ লোকক আর্থিকভাৱে সকাহ দিবলৈকে এছ বি আই কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰিলে।

Exit mobile version