কাৰ অৱহেলাত সাৰি গ’ল জুবিনক আক্ৰমণকাৰী দল

zubeen

পুনৰ উন্মোচিত হ’ল স্মার্ট আৰক্ষীৰ প্ৰকৃত স্বৰূপ। তলাবন্ধৰ নীতি-নিৰ্দেশনা উলংঘাৰ অভিযোগত সাধাৰণ ৰাইজৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা মহানগৰ আৰক্ষীয়ে ঘণ্টাৰ পিছত ঘন্টা ধৰি অভিযান চলায়ো শুংসূত্ৰ উলিয়াব নোৱাৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সান্ধ্য আইনৰ মাজতে আক্ৰমণ কৰা গুণ্ডাক। ফলত জুবিনক মাজনিশা মহানগৰীৰ ৰাজপথত ঘটনাৰ লগত জড়িতৰ অভিযোগত অভিযুক্ত অৰূপ তালুকদাৰ, হিৰকজ্যোতি ৰাজবংশী, গীতাৰ্থ ডেকা, দিশান্ত ভাগৱতীয়ে শেহতীয়াকৈ ভাৰতীয় দণ্ড বিধিৰ ১৪৩/১৮৮/২৬৯/২৭০/৩৪১/২৯৪/৫০০/৫০৬ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৫১(খ) ধাৰাৰ অধীনত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈ থকা ১৭৩৫/২০২০ নম্বৰ গোচৰত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা আগতীয়া জামিন লাভ কৰে।

লগতে সংশ্লিষ্ট গোচৰৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাৰ বাবে পাঁচদিনৰ ভিতৰত পৰা কেউজন অভিযুক্তক তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰে। মহানগৰীৰ ছয়মাইল নিবাসী জুবেৰ আলমৰ বাসগৃহত অভিযুক্ত কেইজনে এক সংবাদমেলৰ আয়োজন কৰাৰ সময়তে মহানগৰ আৰক্ষীৰ এটা দলে চয়মাইলৰ পৰা অৰূপ তালুকদাৰ, হিৰকজ্যোতি ৰাজবংশী, গীতাৰ্থ ডেকা আৰু দিশান্ত ভাগৱতী সোধ-পোচৰ বাবে আটক কৰে। পাছত কেউজনকে জামিনত মোকলাই দিয়া বুলি হয় বুলি জনায় আৰক্ষীয়ে। ইয়াৰ লগে লগে সংশ্লিষ্ট ঘটনাত জড়িত অভিযুক্ত সকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শাসকীয় ভালেকেইজন নেতা-পালিনেতাই অব্যাহত ৰখা লম্ফ জম্ফৰ অৱসান ঘটাৰ উপক্ৰম হোৱা বুলি সূত্ৰটোৱে জনায়।

Exit mobile version