পৃথিৱীৰ চৌম্বক ক্ষেত্ৰত বিশাল ফাট মেলিছে

Screenshot 64

পৃথিৱীৰ চৌম্বক ক্ষেত্ৰত সৃষ্টি হোৱা ফাটে দীৰ্ঘদিনৰ পৰাই বিজ্ঞানীসকলক চিন্তিত কৰি আহিছে । আনকি এটা ফাট ভাঙি দুভাগত বিভক্ত হৈ পৰিছে ।ফলত সেই অঞ্চলৰ পাৰ্থিৱ সভ্যতাই ভয়ানক সৌৰকণিকা, সৌৰ বিকিৰণ আৰু মহাজাগতিক ৰশ্মিৰ ফৰ্মুটি সহ্য কৰিবলগীয়া হয় । এই আশংকা ব্যক্ত কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ।

এক প্ৰতিবেদনত নাছাই জনাইছে যে ইয়াৰ ফলত সামগ্ৰিক ক্ষয়ক্ষতি হ’ব পাৰে উক্ত অঞ্চলেৰে প্রদক্ষিণৰত আন্তৰ্জাতিক মহাকাশ ষ্টেচন, নানা কৃত্ৰিম উপগ্ৰহৰ গুৰুত্বপূৰ্ণ কৃত্ৰিম যন্ত্ৰাংশৰ । ব্যাহত হ’ব পাৰে সেই অঞ্চলৰ টেলিযোগাযোগ ,বিদ্যুৎ সংযোগ আৰু জাহাজ পৰিবহণ ব্যৱস্থাও । পৃথিৱীৰ এই চৌম্বক ক্ষেত্ৰটোৱে ভয়ংকৰ সৌৰ বিকিৰণ আৰু অত্যন্ত মহাজাগতিক ৰশ্মিৰ আক্ৰমণৰ পৰা আমাক প্ৰতি মুহূৰ্ততে ৰক্ষা কৰি আহিছে ।

সৌৰ বিকিৰণ আৰু মহাজাগতিক ৰশ্মি ছিটিকি আহি পৰিলে পৃথিৱীৰ চৌম্বক ক্ষেত্ৰই সেইবোৰক যথাসম্ভৱ দূৰলৈ ঠেলি পঠায় । নাছাৰ সাম্প্ৰতিক প্ৰতিবেদনত জনোৱা হৈছে যে দক্ষিণ আমেৰিকা আৰু দক্ষিণ আটলাণ্টিক মহাসাগৰৰ ওপৰত থকা পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ এই ফাট সম্প্ৰতি ইমানেই ডাঙৰ হৈ পৰিছে যে ভাঙি দুটুকুৰা হৈ পৰিছে । নাছাৰ তৰফৰ পৰা সতৰ্ক কৰি কোৱা হৈছে যে ইয়াৰ ফলত উক্ত অঞ্চলত আগন্তুক দিনত সামগ্ৰিক বিপদৰ আশংকা আছে ।

বিজ্ঞানী সকলে মন্তব্য কৰিছে যে পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ এই ফাট বৃদ্ধিৰ কাৰণটো অৱশ্যে ভূ-প্ৰাকৃতিক । পৃথিৱীৰ একেবাৰে অন্তৰ্ভাগত গলিত লাভাস্ৰোত আৰু চৌম্বক অক্ষ কিছু বেছিকৈ হাউলি থকাৰ বাবেই এই ফাটৰ সৃষ্টি হৈছে আৰু বৃদ্ধি ঘটিছে । বিগত শতিকাৰ ৭০দশকৰ পৰাই পৃথিৱীৰ চৌম্বক ক্ষেত্ৰটো দুৰ্বল হৈ পৰিবলৈ আৰম্ভ কৰে । তেতিয়াই এই চৌম্বক ক্ষেত্ৰত বিশাল আকাৰৰ ফাট দেখা যায় ।

Exit mobile version