বটদ্রৱা থানত ব্যাপক উলহ-মালহৰে শ্রীমন্ত শংকৰদেৱৰ ৪৫২ তম তিৰোভাৱ তিথি উদযাপন

slider1 1

কৰ’না মহামাৰীৰ বাবে প্ৰথম বাৰলৈ ভংগ হ’ল ঐতিহ্যময় পৰম্পৰাৰ “ভোজন বেহাৰ” ভাওনা

জন্মৰ পৰা যৌৱনলৈ এক সুদীর্ঘ সময়ৰ কৰ্মভূমি হিচাপে পৰিগণিত হৈ অহা গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আজি সামাজিক দূৰত্ব বৰ্তাই ৰাখি ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয় গুৰুজনাৰ ৪৫২ সংখ্যক তিৰোভাৱ তিথি । গুৰুজনাৰ এই তিৰোভাৱ তিথিত ভাগ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা বটদ্ৰৱা থানলৈ আগমন ঘটা অগণন ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিয়ে মুখৰিত হ’ল বটদ্ৰৱাৰ আকাশ-বতাহ । এই সকল ভকত-বৈষ্ণৱৰ হৰিনামে অমৃত ৰসৰ নিজৰা বোৱাই দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিলে বটদ্ৰৱা থানক । সকলোৰে মুখত বিৰাজ মান কেৱল ৰাম নাম ।

উল্লেখ্য যে, গুৰু কীৰ্তন উপলক্ষে আজি পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জীৰা নামৰ পিছতেই আইসকলৰ পুৱা নাম প্রসঙ্গত ‘ৰুক্মিণী হৰণৰ’ দিহানাম গোৱা হয় । কাহিলি পুৱাতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কে’বাটাও দিহানামৰ দল উষাকীৰ্তনৰ নামতি দলে ভক্তিৰ নিজৰা বোৱাই ভক্তিময় পৰিৱেশৰ সূচনা কৰে ।

গায়ন-বায়নে পুৱাৰ গীতত ‘পৰভাতে শ্যাম কানু ধেনু লৈয়া সংগে’ শীৰ্ষক গীত পৰিবেশন কৰে । দুপৰীয়া কীৰ্তনঘৰৰ নাম প্রসঙ্গত ‘ৰাম নিৰঞ্জন’, ‘এ হৰি ৰাম নিৰঞ্জন’আৰু ‘কৃষ্ণ সূৰ্য ভৈলন্ত উদিত’ শীৰ্ষক কীৰ্তন পৰিবেশন কৰাৰ পিছত “মাধৱ মাধৱ মধু ৰিপু /গোবিন্দ কৃষ্ণ হৰি হৰি ৰাম” ঘোষা গোৱা হয় ।

দুপৰীয়া কীৰ্তনঘৰ, দৌলমন্দিৰ আৰু পদশিলাৰ নামত সমবেত ভকত বৈষ্ণৱ আইমাতৃ সকলোৱেই ছেনিতাইজাৰ ব্যৱহাৰ কৰি, মুখত মাস্ক আৰু সামাজিকভাৱে ব্যৱধান ৰক্ষা কৰি নাম প্ৰসঙ্গত অংশ লয় আৰু নৈবদ্য প্ৰসাদ গ্ৰহণ কৰে । উল্লেখ্য যে, ঐতিহ্যময় পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি গুৰুকীৰ্তনৰ দিনা বিয়লিৰ ভাগত নাটঘৰ প্রাঙ্গনত অনুষ্ঠিত হৈ থকা ‘ভোজন বেহাৰ’ নাটৰ অভিনয় অনুষ্ঠান কৰ’নাৰ মহামাৰীৰ বাবে পোন প্ৰথমবাৰৰ বাবে বাতিল কৰা হয় ।

জাতীয় জীৱনৰ মণিকূট স্বৰূপ বটদ্ৰৱাত পোনপ্ৰথমবাৰৰ বাবে গুৰুকীৰ্তনৰ ঐতিহ্যময় পৰম্পৰা “ভোজন বেহাৰ” নাটৰ অভিনয় শিল্পৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান বাতিল হোৱাক লৈ সত্ৰীয়া সাংস্কৃতিক পৰম্পৰাৰ লগত জড়িত সকলৰ মনত বেদনা বিঢ়ৌত পৰিৱেশ দেখিবলৈ পোৱা গ’ল । গুৰু কীৰ্তন উপলক্ষে পুৱাৰে পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্রাণ ৰাইজৰ আগমন ঘটে । কীৰ্তনঘৰ, পদশিলা, পাটশিলা, দৌল মন্দিৰ আদি পূণ্যস্থান সমূহত তীৰ্থযাত্রী সকলে শৰাই, বন্তি, নৈবদ্য আদি প্রদান কৰি ঈশ্বৰৰ আশীষ নিৰ্মালী গ্রহন কৰে ।

তলাবন্ধৰ পিছৰে পৰা বহুদিনৰ বিৰতিৰ পিছত দুপৰীয়া কীৰ্তন ঘৰত প্ৰসাদ গ্ৰহণ কৰি তপোবনৰ সুষমাৰে সুশোভিত “আকাশী গঙ্গা”ৰ তীৰত নিৰামিষ ব্যঞ্জনেৰে এসাজ পৰিয়ালৰ লগত অন্ন গ্ৰহণ কৰাটোও আজিৰ দৃষ্টি নন্দন আছিল। পুৱাতে কীৰ্তনঘৰৰ পিৰালিত বহি “কৃষ্ণ হৰি এ, ৰাম ৰাম। অ হৰি মোৰ বান্ধৱ” শীৰ্ষক নিৰক্ষৰী ঘোষাৰে নামৰ কাৰ্য্যসূচীৰে ভকত বৈষ্ণৱ সকলে ঘোষা পৰিৱেশনৰে বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

পুৱা তাল কোবোৱা প্ৰসংগৰে আৰম্ভ হোৱাৰ পিছত পৰম্পৰাগত ঐতিহ্যক সাৰোগত কৰি নিশা শেষ পাল গোৱা প্ৰসংগৰে গুৰুকীৰ্তনৰ কাৰ্যসূচীৰ অন্ত পৰিল। ইফালে যোৱা কালি বিয়লি গুৰু কীৰ্তনৰ গন্ধ গোৱা হয় আৰু সন্ধিয়া ভোজন বেহাৰৰ বেহাৰৰ নাচৰ গোৱা-বোৱা সম্পন্ন হয়।

Exit mobile version