মহেন্দ্ৰ সিং ধোনীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৱেগিক চিঠি

Untitled design 36 1

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ লোৱাৰ সিদ্ধান্তৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰিকেটাৰজনক উদ্দেশ্য কৰি এখন আৱেগিক চিঠি লিখে ৷ “ব্যক্তিক্ৰমী ৰপত আপুনি যিটো ভিডিঅ’ শ্বেয়াৰ কৰিলে, সেয়া সমগ্ৰ দেশৰ কাৰণে চৰ্চিত হৈ পৰিল  ৷ আপোনাৰ অৱসৰে ১৩০ কোটি ভাৰতীয়ৰ হৃদয়ত আঘাত দিছে ৷ কিন্তু আপুনি ভাৰতীয় ক্ৰিকেটৰ কাৰণে যি কৰিলে তাৰ কাৰণে সকলো আপোনাৰ ওচৰত চিৰকৃতজ্ঞ ৷”

সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা মহেন্দ্ৰ সিং ধোনীলৈ উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই চিঠিখনে আৱেগিক কৰিছে বহু লোকক  ৷ প্ৰধানমন্ত্ৰী মোদীয়ে মাহীক উদ্দেশ্য কৰি লিখি যে  আপুনি কোনটো হেয়াৰ ষ্টাইল কৰিছে সেয়া প্ৰয়োজনীয় নহয় । কিন্তু জয়েই হওক বা পৰাজয়েই হওক আপোনাৰ মন আৰু মগজু সদায় শান্ত হৈয়েই থাকে ৷ এইয়া দেশৰ যুৱ প্ৰজন্মৰ কাৰণে ডাঙৰ শিক্ষা। আপুনি ভাৰতীয় সেনাৰ বাহিনীৰ লগত বহুত সুখী আছিল ৷ ভাৰতীয় সেনা বাহিনীৰ লগত কৰা সহযোগিতাৰ কাৰণে ধন্যবাদ। দেশৰ যিকোনো পৰিস্থিতিত আপুনি ধৈৰ্য্য নেহেৰুৱাই । সেয়া আমি প্ৰত্যেক সময়ত আপোনাৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰিছো। ভাৰতৰ প্ৰতিভাশালী কেপ্তেইনসকলৰ ভিতৰত আপুনি অন্যতম আছিল ৷ আপোনাৰ চেষ্টাৰ কাৰণে দেশ সম্প্ৰতি বহু আগলৈ গতি কৰিছে ৷ আপোনাক দেশৰ অন্যতম ক্ৰিকেটাৰসকলক ভিতৰত ধৰা হ’ব ৷ প্ৰত্যাহ্বান পূৰ্ণ পৰিস্থিতিক আপুনি নিয়ন্ত্ৰণ কৰাত পাকৈত । মেছক শেষ কৰাত আপোনাৰ দৃষ্টিভংগী অবৰ্ণনীয়।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিঠিখন মহেন্দ্ৰ সিং ধোনীয়ে টুইটাৰ যোগে শ্বেয়াৰ কৰে৷ লগতে লিখে “এজন কলাকাৰ, সেনা, খেলুৱৈ কেৱল এইয়াই বিচাৰে যে তেওঁ কৰা প্ৰত্যেকটো কামৰ মূল্যক সকলোৱে মনত ৰাখে৷ প্ৰশংসা আৰু শুভকামনাৰ কাৰণে ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

Exit mobile version