কৰ ফাঁকিত বাধা দিবলৈ তৎপৰ আয়কৰ বিভাগ, বাতিল হ’ব ১৮ কোটি পেনকাৰ্ড

1559034499 Pan Card

একাংশ লোকে কৰফাঁকি দিবলৈ একাধিক পেনকাৰ্ড ব্যৱহাৰ কৰে । এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে আয়কৰ বিভাগে দেশৰ সেইসকল ব্যক্তিক হাতে-লোটে ধৰা পেলোৱাৰ যো-জা চলাইছে, যিসকল ব্যক্তিয়ে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰাৰ পাছতো কৰ আদায় নিদিয়ে অথবা নামমাত্ৰ কৰ প্ৰদান কৰে। পেনকাৰ্ড আৰু আধাৰ কাৰ্ডৰ সংযোগীকৰণৰ সময়সীমা আগন্তুক বৰ্ষৰ ৩১ মাৰ্চত সম্পূৰ্ণ হোৱাৰ পাছতে দেশত কমেও ১৮ কোটি পেনকাৰ্ড নিষ্ক্ৰিয় হোৱাৰ সম্ভাৱনা আছে বুলি আয়কৰ বিভাগে জানিবলৈ দিয়ে ।

আয়কৰ বিভাগৰ তথ্য অনুসৰি সম্প্ৰতি দেশত মাত্ৰ ডেৰ কোটি নাগৰিকৰহে আয়কৰ আদায় দি আহিছে। ভাৰতত আদায় দিওঁতা লোকৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে আয়কৰ বিভাগ তৎপৰ হৈছে । পৰিসংখ্যা অনুসৰি ভাৰতত ৫০.৯৫ কোটি পেনকাৰ্ড আছে। এইসকলৰ ভিতৰত ৬.৪৮ কোটি লোকে আয়কৰ ৰিটাৰ্ন দাখিল কৰি আহিছে। অৰ্থাৎ কৰ আদায় দিছে মাত্ৰ ডেৰ কোটি নাগৰিকে। বৰ্তমানলৈকে দেশত মুঠ ৩২.৭১ কোটি পেনকাৰ্ড আধাৰৰ সতে সংযুক্ত কৰা হৈছে । অচিৰেই একাধিক পেনকাৰ্ডৰ জৰিয়তে আয়কৰৰ জালিয়তি কৰা লোকসকলক ধৰা পেলোৱাটো সম্ভৱ হ’ব বুলি আয়কৰ বিভাগে জানিবলৈ দিয়ে।

পেনকাৰ্ডৰ স’তে আধাৰৰ সংযোগীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত দেশত একাধিক পেনকাৰ্ড ব্যৱহাৰ কৰা অসাধু নাগৰিকসকলক চিনাক্ত সম্ভৱ হ’ব । আয়কৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, এতিয়াৰ পৰা এক লাখ টকাৰ অধিক শিক্ষাত ব্যয় কৰা লোক, বছৰত এক লাখ টকাৰ অধিক বিদ্যুতৰ বিল আদায় দিয়া, ব্যৱসায়িক শ্ৰেণীত বিমানত যাত্ৰা কৰা লোক, বছৰি এক লাখ টকাতকৈ অধিক মূল্যৰ অলংকাৰ ক্ৰয় কৰা লোক, ২০ হেজাৰ টকাৰ অধিক সম্পত্তি কৰ দিয়া লোক, এল আই চিৰ প্ৰিমিয়াম ৫০ হেজাৰ টকাতকৈ অধিক আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়াম ২০ হেজাৰ টকাতকৈ অধিক আদায় দিয়া লোকসকলৰ ওপৰত আয়কৰ বিভাগে কঠোৰ দৃষ্টি ৰাখিব আৰু এনে ব্যক্তিৰ কৰ ফাঁকি ৰোধৰ প্ৰয়োজনীয় ব্যৱস্থা ল’ব ।

Exit mobile version