এইবাৰ উত্তৰাখণ্ডৰ লিপুলেখ সীমান্তত ক্ষেপণাস্ত্ৰ সংস্থাপন কৰিলে ৰঙা চীনে

1 535

ডোকলাম আৰু লাডাখৰ সংঘৰ্ষৰ পিছত এইবাৰ উত্তৰাখণ্ডৰ লিপুলেখ গিৰিপথত উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰিছে চীনে ৷লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ স’তে ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হৈ সমাধান সূত্ৰৰ বাবে কে’বালানি আলোচনাত অংশ ল’লেও ভিতৰি ভিতৰি কুকাৰ্য অব্যাহত ৰাখিছে ৰঙা চীনে ৷

বিশ্বজুৰি চীনৰ সম্প্ৰসাৰণ বাদৰ বিৰুদ্ধে সমালোচনা আৰু গৰিহণা গা কৰি উঠাৰ সময়ত কিছুদিন পূৰ্বে ভাৰত আৰু নেপাল সীমান্তত অৱস্থিত প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সমীপত চীনা সেনা নিয়োগ কৰা হৈছিল বুলি ভাৰতীয় সেনাই সদৰী কৰিছিল ।এইবাৰ উপগ্ৰহৰ দ্বাৰা সংগৃহীত ছবিত স্পষ্টভাৱে ওলাই পৰিল যে সেই অঞ্চলত নিৰ্মাণ কাৰ্য কৰি ক্ষেপনাস্ত অৱস্থান কৰাৰ কাম আৰম্ভ কৰিছে জিন পিং প্ৰশাসনে।

এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে দিল্লীয়ে পৰিস্থিতিৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে ৷সূত্ৰত প্ৰকাশ যে এই সংস্থাই সম্প্ৰতি লিপুলেখ গিৰিপথত ট্ৰাই জংচন অঞ্চলৰ এটি উপগ্ৰহৰ চিত্ৰ প্ৰকাশ কৰে ৷তাত দেখা গৈছে যে এই অঞ্চলত প্ৰায় দুশ কিলোমিটাৰ অঞ্চলজুৰি বহু সেনা নিয়োগৰ লগতে ক্ষেপনাস্ত নিয়োগৰ বাবেও চীনে নিৰ্মাণ কাৰ্য কৰিছে ৷চীনৰ পৰিকল্পনা দীৰ্ঘম্যাদী বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে এই গিৰিপথেৰে মানস সৰোবৰ অভিমুখী পথ নিৰ্মাণক লৈয়ে নেপালৰ স’তে ভাৰতৰ বিবাদ আৰম্ভ হয় ।ইয়াৰ পাছত তিনিটা ভাৰতীয় ভূখণ্ড মানচিত্ৰত অন্তৰ্ভুক্ত কৰি সংবিধান সংশোধন কৰে নেপালে। ভাৰত আৰু নেপালৰ এই বিবাদৰ মাজত মে’ৰ পৰা লিপুলেখ সীমান্তত চীনে আন্তঃগাঁথনি সৃষ্টিৰ কাম আৰম্ভ কৰিছিল। তাৰ পাছত লাহে লাহে সেনা নিয়োগ আৰম্ভ কৰে ৷এইবাৰ ক্ষেপণাস্ত্ৰও সংস্থাপন কৰিছে।

Exit mobile version