কেৰালা চৰকাৰে যদি প্ৰতিবাদ কৰিব পাৰে অসম চৰকাৰে নোৱাৰে কিয় ?

IMG 20190411 WA0007 750x430 1

তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদ কৰি কেৰালা চৰকাৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুজৰাটৰ আদানি গ্ৰুপৰ হাতত ৫০ বছৰলৈ তুলি দিয়াৰ তীব্ৰ প্ৰতিবাদ কৰে অসম সংগ্ৰামী মঞ্চই। অসমক ৰক্ষা কৰা গোপীনাথ বৰদলৈৰ নামত হোৱা বিমানবন্দৰটো বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডত ৰাখিব নিবিচৰা কাৰ্য অসমৰ বাবে বৰ অপমানজনক।

এক বিবৃতিত অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ভাৰত ৰত্নগৰাকীৰ নামত থকা বিমানবন্দৰক ব্যক্তিগতকৰণৰ প্ৰতিবাদ জনাবলৈ সোণোৱাল চৰকাৰক আহ্বান জনায়। মোডী চৰকাৰ ইমানেই দুৰ্বল হৈছে নেকি যে এটা এটাকৈ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক কৰ্প’ৰেট গোষ্ঠীৰ হাতত দিবলৈ লৈছে।

কোঁৱৰ আৰু ফুকনে মোডী চৰকাৰক মুকলি প্ৰশ্ন কৰি কয়” বিজেপি চৰকাৰে যদি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক আদানি গ্ৰুপৰ হাতত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, তেন্তে কেন্দ্ৰীয় চৰকাৰে ৰাজভঁড়ালৰ পৰা ১,৩৮৩ কোটি টকা বিমানবন্দৰটো ধুনীয়া কৰাৰ নামত ব্যয় কৰিছিল কিয়? কোঁৱৰ আৰু ফুকনে অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাবে অসম চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণক ৬২৭.৪৮ একৰ ভূমি দিছিল।

এই ভূমিৰ মূল্যৰ সমপৰিমাণৰ অংশ বিমানবন্দৰটোত অসম চৰকাৰৰ থকা উচিত। এনে ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰাজহুৱা খণ্ডতে ৰখাৰ বাবে কেৰালা চৰকাৰৰ দৰে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰা উচিত। কেন্দ্ৰীয় চৰকাৰৰ এনেদৰে অসমবিৰোধী সিদ্ধান্তৰ ক্ষেত্ৰত ৰাজ্যৰ বিজেপি, অগপ, বিপিএফ চৰকাৰে প্ৰতিবাদ নকৰিলে৷ এনে চৰিত্ৰৰ চৰকাৰক অধিক সময় অসমৰ শাসনত থাকিবলৈ দিয়া উচিত নহয় বুলি অসম সংগ্ৰামী মঞ্চই স্পষ্ট কৰি দিয়ে।

Exit mobile version