নতুন লক্ষ্য-উদ্দেশ্যেৰে শীঘ্ৰে ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি কৃষক মুক্তিৰ

WhatsApp Image 2020 08 20 at 2.08.04 PM

অসম বিধান সভাৰ আসন্ন নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক দল গঠন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । ইয়াৰ বাবে ইতিমধ্যে সংগঠনটোৱে প্ৰস্তুত কৰিছে প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ লক্ষ্য-উদ্দেশ্য, দলীয় সংবিধান তথা ভবিষ্যত কৰ্মসূচী । আজি ইয়াত এক সংবাদ মেলত এই কথা সদৰী কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ডি শইকীয়াই কয় যে অসম বিধান সভাৰ আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব পৰাকৈ নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত কৰা হৈছে ।

পূৰ্বৰ গণ মুক্তি সংগ্ৰাম সমিতিৰ বিপৰীতে নতুনকৈ নামকৰণ কৰা হ’ব প্ৰস্তাৱিত ৰাজনৈতিক দলটো । ইয়াৰ বাবে ইতিমধ্যে দলীয় -সংবিধানকে ধৰি ভৱিষ্যত কৰ্মসূচী প্ৰস্তুত কৰা হৈছে । প্ৰস্তাৱিত ৰাজনৈতিক দলটোক আপোচবিহীন আঞ্চলিক শক্তি হিচাপে গঢ়ি তোলা হ’ববুলি উল্লেখ কৰি তেও পুনৰ কয় যে ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলবোৰে গ্ৰহণ কৰা ভূমিকাৰ বাবেই আজিও পয়ালগা হৈ আছে ৰাজ্যখনৰ অৱস্থা ।

সেয়ে ৰাজ্যখনৰ পয়ালগা আৰ্থ সামাজিক অৱস্থাৰ উত্তৰণৰ লক্ষ্যৰে নতুন উদ্যমেৰে গঠন কৰা হ’ব নতুন ৰাজনৈতিক দলটো।প্ৰস্তাৱিত ৰাজনৈতিক দলটোত স্থান নাথাকিব কোনো সাম্প্ৰদায়িক শক্তিৰ ।আঞ্চলিকতাবাদত বিশ্বাসী,জাতীয়ভাবাপন্ন,ধৰ্ম নিৰপেক্ষ আৰু প্ৰগতিশীল সকলো শ্ৰেণীৰলোককহে দলটোত সামৰি লোৱা হ’ব। অন্যান্য আঞ্চলিক শক্তি সমূহ ঐক্যবদ্ধ হোৱাটো এই সময়ত জাতীয় কৰ্তব্য ।

ইয়াৰ বাবে সকলো আঞ্চলিক শক্তিৰে আলোচনৰ দুৱাৰ মুকলি ৰখা বুলিও তেওঁ কয় । প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ নাম শীঘ্ৰে ঘোষণা কৰিব কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে ।লগতে আসন্ন নিৰ্বাচনত অখিল গগৈয়ে প্ৰতিদ্বন্দিতাও আগবঢ়াৱ বুলি শইকীয়াই উল্লেখ কৰে । তদুপৰি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীও নিশ্চিত ভাবে অখিল গগৈয়ে হ’ব বুলিও সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেও উল্লেখ কৰে ।

Exit mobile version