প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈক মন্ত্ৰী হিমন্তৰ কটাক্ষ

iuhiu

কংগ্ৰেছ এআইইউডিএফৰ মহাজোঁটবন্ধনৰ পিছতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাকযুদ্ধ তুংগত উঠিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক পুৰ্ণানন্দ বুঢ়াাগোঁহাই বুলি অভিহিত কৰাৰ পিছত এইবাৰ সমুচিত প্ৰত্যুত্তৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰী শৰ্মাই নিজকে ২০১৬ত চুকাফা লাচিত চিলাৰায়ৰ বংশধৰ বুলি পৰিচয় দিয়া তৰুণ গগৈ আচলতে ঔৰংজেব আৰু আজমলহে বুলি কঠোৰ বান নিক্ষেপ কৰে একালৰ সতীৰ্থ তৰুণ গগৈক । তৰুণ গগৈ অন্ধ পুত্ৰৰ মোহত বন্দী হৈ হিতাহিত জ্ঞান হেৰুৱাই চৰকাৰলৈ নাহিল বুলি মন্ত্ৰী হিমন্তৰ কটাক্ষ তৰুণ গগৈক ।

আমিন গাঁও ডাক বঙলাত অৰুণোদয় আঁচনিৰ দ্ধিতীয়খন বৈঠকত মিলিত হৈ আঁচনি ৰূপায়ণ সম্পৰ্কত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কৰ’নাৰ কাৰণে বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ সম্পৰ্কত মন্ত্ৰী শৰ্মাই কয় যে গৃহ বিভাগৰ ইংগিত পালেই বিদ্যালয় খোলা হ’ব ।

আনহাতে ২৪ আগষ্টত ৰ”পৱে মুকলিৰ শুভ সংবাদ দিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । অৰুণোদয় বৈঠকত সাংসদ পল্লৱ লোচন দাস, সত্যব্ৰত কলিতা প্ৰমুখ্যে জিলা বিধায়ক বিষয়াৰে মিলিত হৈ পৰ্যালোচনা বৈঠকৰ অন্তত এইদৰে অগ্নিবৰষা বাক্যবাণেৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰে হিমন্তই ।

Exit mobile version