ভাৰতীয় সংস্কৃতিক অনুসৰণ:কৰমৰ্দনৰ স্থান ল’লে নমস্কাৰে

markel 1

ভাৰতীয় সংস্কৃতিয়ে ক্ৰমে প্ৰসাৰ লাভ কৰিছে সমগ্ৰ বিশ্বতেই।অভিনন্দন জনোৱাৰ ক্ষেত্ৰত ‘নমস্কাৰ’ ।বিশেষকৈ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান সকলে সাক্ষাতৰ সময়ত নমস্কাৰ অনুসৰণ কৰিবলৈ লৈছে ।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ,ইংলেণ্ডৰ ৰাণী তথা প্ৰধানমন্ত্ৰী আদিৰ পাছত ৰাজহুৱা ভাৱে নমস্কাৰক অনুসৰণ কৰে জাৰ্মান চেঞ্চলৰ এঞ্জেলা মাৰ্কেল আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ।

জাৰ্মানী চেঞ্চলৰে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধান জনক ৰাষ্ট্ৰপতিৰ গ্ৰীষ্মকালীন বাসভৱনত সাক্ষাৎ কৰিছিল।দুয়ো গৰাকীয়ে নিজৰ মাজত দূৰত্ব অক্ষুন্ন ৰাখি নমস্কাৰৰে পৰস্পৰক অভিনন্দন জনায়।এই সন্দৰ্ভত এটি ভিডিঅ’ নিজৰ টুইটাৰত প’ষ্ট্ কৰিছে ৰাষ্ট্ৰপতি মেক্ৰনে।ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ।

ভাৰতীয় সংস্কৃতিৰ সম্ভাষণ পদ্ধতি বিশ্বৰ ৰাষ্ট্ৰপ্ৰধানসকলে অনুসৰণ কৰাত ছ’চিয়েল মিডিয়াত উচ্চ প্ৰশংসিত হৈছে।কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত সামাজিক দূৰত্বৰ বিধানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে সমগ্ৰ বিশ্বই ।ফলত কৰমৰ্দন অথবা সাবটি ধৰাৰ দৰে জনপ্ৰিয় সৌজন্য বিনিময় কৌশল এৰাই চলিছে বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান সকলে ।এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগেই আকৌ এবাৰ নমস্কাৰৰ বিশেষত্ব বিশ্ব ছ’চিয়েল মিডিয়াযোগে দৰবাৰত তুলি ধৰিছে ভাৰতীয় সকলে ।

Exit mobile version