ৰাফেলক লৈ ৰাহুল গান্ধী আৰু বিজেপিৰ ডিজিটেল যুদ্ধ

rahul gandhi 660 083018073051 032019125031 032319030300 040119090704

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা নেতা ৰাহুল গান্ধীয়ে ৰাফেল বিমানক লৈ চৰকাৰক পুনৰ বিভিন্ন সমালোচনাৰে থকা সৰকা কৰে। পিছে ৰাহুল গান্ধীৰ সমালোচনাত বিজেপি কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে প্ৰত্যুত্তৰ দি কয়“ ২০২৪ ত লোকসভা নিৰ্বাচনত এই বিষয়টোকে লৈ ৰাহুলক আমন্ত্ৰণ কৰিছো৷”

কাৰণ বিগত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৰাফেল বিষয়টোক মূল বিষয় হিচাপে লৈছিল ।আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিভিন্ন সমালোচনা কৰিছিল। কিন্তু সেই নিৰ্বাচনতো কংগ্ৰেছে পৰাজয় বৰণ কৰিছিল। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী পিযুষ গোৱেলৰ এই টুইটৰ পিছতে ৰাহুল গান্ধীয়ে টুইট কৰে “ৰাফেলে ভাৰতীয় চন্দুকৰ পৰা টকা চোৰ কৰিলে ।”

লগতে কংগ্ৰেছৰ নেতা গান্ধীয়ে মহাত্মা গান্ধীৰ এষাৰি বাক্য উত্থাপন কৰি কয় ” সত্য এক,ৰাস্তা অনেক”৷উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চলিত চৰকাৰখনক প্ৰায়ে সমালোচনা কৰে ৰাহুল গান্ধীয়ে৷ ৰাফেল ডীলক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চোৰ বুলিও আখ্যা দিছিল ৰাহুল গান্ধীয়ে।

Exit mobile version