কৰ’নাৰ ফলত পুনৰ দৰিদ্ৰতাৰ গহ্বৰলৈ ১০ কোটিঃ বিশ্ব বেংক

world bank 3

কৰ’না ভাইৰাছৰ দৰে অতিমাৰীৰ ফলত প্ৰায় ১০ কোটি মানুহ ভয়াৱহ দাৰিদ্ৰ্য সীমাৰ তললৈ যাব বুলি আশংকা প্ৰকাশ কৰিছে বিশ্ব বেংকৰ সভাপতি ডেভ মেলপেছে ৷ তেওঁ জনাই যে দৰিদ্ৰ দেশসমূহক ঋণৰ গৰাহৰ পৰা স্বস্তি দিব নোৱাৰিলে পৰিস্থিতি অধিক শোচনীয় হ’ব। অতিমাৰী আৰু ইয়াৰ ভয়াৱহতাত বিশ্বজুৰি তলাবন্ধ আৰম্ভ হোৱাৰ পাছত প্ৰাথমিক হিচাপত বিশ্ব বেংকে জনাইছিল যে উৎপাদন আৰু সেৱাৰ ক্ষেত্ৰসমূহত কাম বন্ধ হোৱাত দীৰ্ঘদিন সংগ্ৰাম কৰি দাৰিদ্ৰ্য সীমাৰেখা অতিক্ৰম কৰিবলৈ সক্ষম হোৱা প্ৰায় ছয় কোটি মানুহ পুনৰ দাৰিদ্ৰৰ অন্ধকাৰ গহ্বৰলৈ পতিত হ’ব ৷

তাৰ পাছত এতিয়া পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হোৱা নাই । মেলপেছে কয় “স্বাভাৱিকভাৱে সকলোতকৈ শোচনীয় পৰিস্থিতিত আছে বিশ্বৰ দৰিদ্ৰ দেশসমূহ ৷ ঋণ পৰিশোধ যাতে এনে দেশসমূহৰ বাবে বোজা হৈ নপৰে তাৰ বাবে অসুবিধাত পৰা দেশসমূহৰ স’তে নতুন বুজা পৰাৰ আৱশ্যক নাই ।”

এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে বিশ্ব বেংকে । বিগত জুনৰ পৰা বিশ্ব বেংকে এশখন সবাতোকৈ দৰিদ্ৰ দেশৰ বাবে ১৬ হাজাৰ কোটি ডলাৰ আবন্টনৰ প্ৰকল্প হাতত লৈছে । অৱশ্যে অতিমাৰীৰ ফলত জনজীৱন যিমান অধিক দিন বন্ধ থাকিব দৰিদ্ৰ সীমাৰ তললৈ নামি যোৱা সংখ্যাও সিমান বৃদ্ধি হ’ব বুলি বিশ্ব বেংকৰ মুৰব্বীজনে সদৰী কৰে ৷ মেলপেছে কয়”পৰিস্থিতিক মন্দাৰ সূচনা বুলি খুব বেছি ক’ব পাৰি ৷” প্ৰশ্ন হয় যে এয়া যদি সূচনাই হয় তেন্তে মূল মন্দাৰ প্ৰতিক্ৰিয়া কিমান ভয়াৱহ হ’ব পাৰে।

Exit mobile version