- পৰ্ণ ছবিৰ অভিনেত্ৰী ষ্ট্ৰেমী ডেনিয়েলছৰ লগত থকা অবৈধ সম্পৰ্কৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অভিনেত্ৰীগৰাকীক দিব লাগিব ৩৩ লাখ টকাৰ ক্ষতিপূৰণ ৷ অৱশ্যে ষ্ট্ৰেমী লগত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি ট্ৰাম্পে সদৰী কৰিছে।
- নেতৃত্বৰ ব্যাপক পৰিৱৰ্তন বিচাৰি ইতিহাসত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ পত্ৰ লিখিলে দলটোৰ ২৩ গৰাকী জ্যেষ্ঠ নেতাই। সম্প্ৰতি ভাৰতীয় ৰাজনৈতিক ইতিহাসত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
- গুৰগাঁওস্থিত এডভেন্সাৰ অভাৰলেণ্ড নামৰ এটা কোম্পানীয়ে দিল্লীৰ পৰা লণ্ডনলৈ বাছত যাব পৰাকৈ এটা নতুন পৰিকল্পনাৰ কথা সদৰী কৰিছে ৷ কোম্পানীটোৱে ২০২১ ত আৰম্ভ কৰিব লগা এই যাত্ৰাক মষ্ট এপিক বাছ জাৰ্নি ইন দ্য ৱৰ্ল্ড বুলি অভিহিত কৰিছে।
- অযোধ্যাৰ ধন্নীপুৰ গাঁৱৰ ১৪০০ বৰ্গমিটাৰ ক্ষেত্ৰত হ’ব মছজিদ নিৰ্মাণৰ কাম ৷ লগতে নিৰ্মাণ হ’ব ৰহীম,ৰচখান আৰু কবীৰৰ দৰে মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তি,পুথিভঁৰাল,চিকিৎসালয় আদি। সম্প্ৰতি মছজিদৰ নক্সা তৈয়াৰ কৰি ট্ৰাষ্ট অৰ্পন কৰাৰ প্ৰস্তুতি চলিছে ধন্নীপুৰত।
- অৱশেষত আভ্যন্তৰীণ কন্দলত জৰ্জৰিত ভাৰতীয় কংগ্ৰেছ দলৰ পৰা বিদায় ল’লে দুলু আহমেদে ৷ শনিবাৰে আহমেদে কংগ্ৰেছ হাইকামাণ্ডলৈপদত্যাগ পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য যে বিগত সময়ত আহমেদক দলৰ পৰা বহিস্কাৰ কৰা হৈছিল।
- অৱশেষত ডাউড ইব্ৰাহীমৰ সন্দৰ্ভত U টাৰ্ণ ল’লে পাকিস্তানে । কাৰণ শনিবাৰে ডাউড ইব্ৰাহীম পাকিস্তানতেই আছে বুলি স্বীকাৰ কৰা দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ে ২৪ ঘন্টা নহওঁতেই সলনি কৰিছে নিজৰ স্থিতি । লগতে দেশখনে কয় যে ভাৰতীয় সংবাদমাধ্যমৰ খবৰ ভূৱা আৰু ভিত্তিহীন ৷