ট্ৰাম্পৰ বিষয়ে জ্যেষ্ঠ ভগ্নীৰ অভিযোগে তোলপাৰ লগাইছে সমগ্ৰ বিশ্ব
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কোনো নীতি আদৰ্শ নাই । ট্ৰাম্প বহুত কঠোৰ ৷ এই অভিযোগ ট্ৰাম্পৰ জ্যেষ্ঠ ভনীয়েক মেৰিয়ানা ট্ৰাম্পৰ । ৮৩ বয়সীয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মেৰিয়ানা ট্ৰাম্পে ৭৪ বছৰীয়া ড’নাল্ড ট্ৰাম্পৰ বিষয়ে শেহতীয়াকৈ ফাদিল হোৱা প্ৰত্যেকটো বাক্যই তোলপাৰ লগাইছে সমগ্ৰ বিশ্বতে ৷
আনহাতে বিগত সময়ত ট্ৰাম্পৰ বিষয়ে জ্যেষ্ঠ ভনীয়েকে কৰা ভাষ্যক গোপনে ৰেকৰ্ড কৰিছিল ভতিজী মেৰী ট্ৰাম্পে ৷ শেহতীয়াকৈ ট্ৰাম্পৰ বিষয়ে ভতিজী মেৰীয়ে লিখা এখন গ্ৰন্থ“ Too Much and Never Enough:How My Family Created The World’s Most Dangerous Man”ত ফাদিল হৈছে ট্ৰাম্পৰ বহু তথ্য ৷
আনহাতে ট্ৰাম্প আৰু ভগ্নীৰ মাজত থকা সম্পৰ্কটোক লৈ বহু প্ৰশ্নৰো উত্থাপন হৈছে । ট্ৰাম্প আৰু জ্যেষ্ঠ ভগ্নীৰ মাজত ফাদিল হোৱা এই চাঞ্চল্যকৰ তথ্য সন্দৰ্ভত বহু প্ৰশ্নৰ সন্মুখীন হৈছে মেৰী। ইপিনে মেৰীয়ে গ্ৰন্থখনত উল্লেখ থকা অনুসৰি “পঢ়া শুনাত অত্যন্ত দুৰ্বল আছিল ট্ৰাম্প। ভগ্নী মেৰিয়ানাৰ অভিযোগ যে ট্ৰাম্পে পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত টকা দি ভৰ্তি হৈছিল । কাৰণ নামভৰ্তিৰ কাৰণে ট্ৰাম্পে নিউয়ৰ্কৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়তে ঘূৰি ফুৰিছিল ৷ হঠাতে সকলোকে আছৰিত কৰি ট্ৰাম্পে নামভৰ্তি কৰে পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত ৷ সেই সময়ত ট্ৰাম্পেএজন বন্ধুক টকা দি পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত নামভৰ্তিৰ কাৰণে প্ৰস্তুতি কৰিছিল ।
আনহাতে ট্ৰাম্পৰ ভনীয়েক বেৰীয়ে ইমানদিনে এই ট্ৰাম্পৰ বিষয়ে ৰাজহুৱা কৰা নাছিল ৷ সম্প্ৰতি আমেৰিকাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ট্ৰাম্পৰ বিষয়ে ফাদিল হোৱা তথ্যই সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মেৰিয়ানাৰ অভিযোগ যে তেওঁৰ সকলো কৃতিত্ব কাঢ়ি লয় ট্ৰাম্পে । গতিকে ট্ৰাম্পৰ সমান কঠোৰ কোনো নাই বুলিয়ে কয় মেৰিয়ানা ট্ৰাম্পে ৷
ইপিনে ৫৫ বছৰীয়া মেৰী ট্ৰাম্পে খুড়াক ড’নাল্ড ট্ৰাম্পৰ বিষয়ে কয় যে ৰাষ্ট্ৰপতি হ’ব পৰাকৈ কোনো গুণ নাই ট্ৰাম্পৰ ৷ ট্ৰাম্পে ভাৱে যে সকলো তেওঁৰ হাতৰ মুঠিত ৷ গতিকে ট্ৰাম্পতকৈ প্ৰাৰ্থী জ’ বাইদেন অধিক উপযুক্ত ৷ উল্লেখযোগ্য যে ড’নাল্ড ট্ৰাম্পৰ ভাতৃ ভগ্নীসকলৰ ভিতৰত ৰাজহুৱাভাৱে সকলোৱে ট্ৰাম্পক সমৰ্থন কৰে । ট্ৰাম্পৰ ভগ্নী এলিজাবেথ সদায় সংবাদমাধ্যমত চৰ্চিত হৈ থাকে ।
কিন্তু আমেৰিকাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেশৰ ৰাষ্ট্ৰপতিজনৰ বিৰুদ্ধে নিজৰ জ্যেষ্ঠ ভগ্নীৰ চাঞ্চল্যকৰ মন্তব্যই এতিয়া তোলপাৰ লগাইছে দেশ ।অৱশ্যে ভতিজীৰ Too Much and Never Enough:How My Family Created The World’s Most Dangerous Man গ্ৰন্থখন পঢ়া নাই ট্ৰাম্পে ৷ কিন্তু গ্ৰন্থখনৰ উল্লেখিত এটা এটা অভিযোগৰ সন্দৰ্ভত ট্ৰাম্পে কি প্ৰত্যুত্তৰ দিব সেয়া হ’ব লক্ষ্যনীয়।