লণ্ডনত আঢ়ৈ কোটি টকাত নিলাম মহাত্মাগান্ধীৰ স্বর্ণখচিত চছমা

Screenshot 1

মহামানৱ মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী তথা পৰিধান কৰা পোছাক, চছমা আদিৰ সমাদৰ দিনে দিনে বৃদ্ধি পাইছে । গান্ধীৰ বিভিন্ন সামগ্ৰীৰ নিলামতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত তেওঁৰ জনপ্ৰিয়তা পৰিলক্ষিত হৈছে। এইবাৰ ব্ৰিটেইনৰ নিলাম গৃহত ৩,৪০,০০০ ডলাৰত নিলাম হ’ল গান্ধীৰ স্বৰ্ণখচিত চছমা । কালি গান্ধীয়ে ব্যৱহাৰ কৰা এই স্বৰ্ণখচিত চছমাযোৰ নিলামত দিয়া হয় ।

নিলামৰ বাবে চছমা আগবঢ়োৱা ব্ৰিটিছ নাগৰিকজনৰ খুৰাকক স্বয়ং গান্ধীয়ে ১৯২০-৩০ ৰ ভিতৰত এয়া উপহাৰ দিছিল । লোকজনৰ খুৰাকে দক্ষিণ আফ্ৰিকালৈ ব্ৰিটিছ পেট্ৰ’লিয়ামৰ কামত যোৱাৰ সময়ত গান্ধীয়ে তেঁওক এই চছমাযোৰ উপহাৰ দিছিল । ইষ্ট ব্ৰীষ্টল অক্সনে এই নিলাম প্ৰসংগত ইনষ্টাগ্ৰামত উল্লেখ কৰে, ‘চাৰি সপ্তাহ পূৰ্বে আমাৰ লেটাৰ বক্সত এই চছমাযোৰ থৈ গৈছিল যিজনৰ খুৰাকক গান্ধীয়ে নিজেই উপহাৰ দিছিল।’

উল্লেখ্য যে, এন্ড্ৰিউ ষ্টৱে নামৰ নিলামদাতাই চলিত মাহৰ আৰম্ভণিতে এই বিষয়ে আগ্ৰহ প্ৰকাশ কৰিছিল। চছমাযোৰৰ নিলাম মূল্য প্ৰথমতে ১৫ হেজাৰ পাউণ্ড নিৰ্ধাৰণ কৰা হৈছিল।

Exit mobile version