‘দিল বেচাৰা’ আৰু ‘শকুন্তলা দেৱী’ৰ পাছত অন্য ১৮ খন বলিউদৰ ছবি মুক্তি দিয়া হ’ব ডিজিটেল প্লেটফর্মত

films

দেশত কৰ’নাই সৰ্বত্ৰে ত্ৰাসৰ সৃষ্টি কৰাত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে। কৰ’নাৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবে অব্যাহত থকা তলাবন্ধৰ বাবে দেশৰ সাংস্কৃতিক জগতখনতো কিছু নেতিবাচক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে । বিগত চাৰিমাহতকৈ অধিক দিনত তলাবন্ধৰ বাবে বন্ধ হৈ আছে চিনেমা হলসমূহ । তলাবন্ধৰ আগৰসময়ছোৱাত ডিজিটেল প্লেটফর্মত চিনেমা মুক্তি দিয়াৰ ক্ষেত্ৰত বিশেষ কোনো নতুনত্ব নাছিল ।

কিন্তু, তলাবন্ধৰ বাবে বিগত চাৰিমাহতকৈ অধিক দিন চিনেমা হলসমূহ বন্ধ হৈ থকাত বিৱৰ্তনিক ৰূপ দেখিবলৈ পোৱা গৈছে । ঘৰতে বহি এতিয়া আপুনি ছবি মুক্তিৰ দিনাই আমোদ লাভ কৰিব পাৰে । গুলাব’ চিতাবো, দিল বেচাৰা আৰু শকুন্তলা দেৱীৰ পাছত বলিউদৰ প্ৰায় ১৮ খন ছবি পোনপটীয়াকৈ অ’টিটি প্লেটফর্মৰ জৰিয়তে মুক্তি দিয়া হ’ব । আহিবলগীয়া দিনবোৰত অ টি টি প্লেটফর্মৰ জৰিয়তে মুক্তি পাবলগীয়া হিন্দী চিনেমাসমূহৰ তালিকাখন মন কৰো আহক-

◆ ক্লাছ অৱ’৮৩ – হুছেইন জেদীৰ কিতাপৰ এখন নাটকৰ ওপৰত আধাৰিত কাহিনীৰ ওপৰত ববী দেউলৰ এখন ছবি মুক্তি পাব নেটফ্লিক্সত। ছবিখনৰ পৰিচালক অতুল সভৰৱাল ।
◆ ‘ভোজ : দ্য প্ৰাইড অৱ ইণ্ডিয়া’ – অভিষেক দুধিয়াৰ ছবি অজয় দেৱগণৰ দ্বাৰা অভিনীত ছবিখন ১৯৭১ চনৰ ইন্দো-পাকিস্তানৰ যুদ্ধৰ সময়খিনিৰ ওপৰত নিৰ্মাণ কৰা হৈছে । ছবিখনত লগতে দেখিবলৈ পাব সোনাক্ষী সিনহা, সঞ্জয় দত্ত, ৰাণা দাগগুবতি, নোৰা ফাতেহিক । ছবিখন মুক্তি পাব ডিজনী হ’টষ্টাৰত । উল্লেখ্য যে, অজয় দেৱগণক শেহতীয়াভাৱে ‘Tanhaji: The Unsung Warrior’ ছবিখনত দেখিবলৈ পোৱা গৈছিল ।
◆ লুড’ – অনুৰাগ বসুৰ দ্বাৰা পৰিচালিত এই ছবিখনত অভিনয় কৰিছে অভিষেক বচ্চন, ৰাজকুমাৰ ৰাও, ফাতিমা চানা শেইখ, আদিত্য ৰয় কাপুৰ, পংকজ ত্ৰিপাঠী । ছবিখন মুক্তি দিয়া হ’ব নেটফ্লিক্সত। ইয়াৰ আগতে ৰণবীৰ কাপুৰ অভিনীত ‘jagga jasoos’। ছবিখন পৰিচালনা কৰিছিল অনুৰাগ বসুৱে ।
◆ চড়ক২- মহেশ ভাটৰ দ্বাৰা পৰিচালিত চড়ক২ ছবিখন মুক্তি পাব ডিজনী হ’টষ্টাৰত।
◆ ‘দ্য বিগ বুল’ছবিখন মুক্তি পাব ডিজনী হ’টষ্টাৰত।
◆ ‘তোড়বাজ’ ছবিখন মুক্তি পাব নেটফ্লিক্সত।
◆ ‘ড’লী কিট্টি অ’ৰ ৱহ চমৎকাৰ চিতাৰে’ ছবিখন মুক্তি পাব নেটফ্লিক্সত।
◆ গিন্নী ৱেডছ্ ছানী ছবিখন মুক্তি লাভ কৰিব নেটফ্লিক্সত।
◆ বম্বে ৰ’জ ছবিখনে মুক্তি লাভ কৰিব নেটফ্লিক্সত।
◆ চিৰিয়াছ মেন ছবিখনে মুক্তি লাভ কৰিব নেটফ্লিক্সত । ইয়াৰ উপৰিও অন্য বহুকেইখন ছবি মুক্তি পাব নেটফ্লিক্স আৰু হ’টষ্টাৰত।

Exit mobile version