নেটৱৰ্ক নাই :ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰৈত পাহাৰ বগাই অনলাইন ক্লাছ কৰিছে ছাত্ৰীয়ে

Screenshot 4 1

মনৰ অদম্য ইচ্ছা শক্তি থাকিলে জীৱন যুঁজত সন্মুখলৈ অহা প্ৰতিটো বাধাকে ওফৰাই দিব পাৰি । স্কুল-কলেজ বন্ধ হৈ থকাৰ এই সময়ছোৱাত অনলাইনযোগে পাঠ্যক্ৰম আগবঢ়াই নিয়া হৈছে যদিও নেটৱৰ্ক নথকা অঞ্চলত ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট কষ্ট কৰিব লগা হৈছে । গাঁৱত নেটৱৰ্ক নথকাত বহু অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে নেটৱৰ্ক বিচাৰি পাহাৰ পৰ্যন্ত বগাবলগীয়া হৈছে ।

তেনে এগৰাকী শিক্ষাৰ্থীৰ কাহিনী ‘ভাইৰেল’ হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।পশু চিকিৎসা বিজ্ঞানৰ এই গৰাকী ছাত্ৰী মহাৰাষ্ট্ৰৰ । স্বপ্নালী নামৰ এই গৰাকী ছাত্ৰীয়ে অনলাইনযোগে পাঠ্যক্ৰমৰ শিক্ষা ল’বলৈ এখন জংঘল পাৰ হৈ গৈ নেটৱৰ্কৰ বাবে পাহাৰত উঠিবলগীয়া হয় । প্ৰতিদিনৰ এই যাত্ৰাত কষ্ট পাবলৈ পাহাৰত প্লাষ্টিকেৰে এটি সৰু ঘৰো সাজি ল’বলগীয়া হৈছে।সৰুৰেপৰাই অত্যন্ত মেধাৱী স্বপ্নালীয়ে স্বাভাৱিকতে প্ৰতিটো অনলাইন ক্লাছ’ৰ শিক্ষা গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ আছিল ।

সেয়েহে নেটৱৰ্ক বিচাৰি স্বপ্নালীয়ে ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰত্বৰ পাহাৰখনৰ ওপৰলৈ আৰোহণ কৰিব লগা হৈছিল । যাত্ৰা কালত স্বপ্নালীয়ে বনৰীয়া জীৱ-জন্তুৰ ভয়কো উপেক্ষা কৰিবলগীয়া হয় । ছাত্ৰী গৰাকীৰ এই পৰিশ্ৰম দেখি পিতৃ -মাতৃ সুখী । সৰুৰে পৰা এগৰাকী চিকিৎসক হোৱাৰ লক্ষ্য লৈ আগবঢ়া স্বপ্নালীয়ে যিকোনো পৰ্যায়তে জীৱনৰ যুঁজখন চলাই যাবলৈ দৃঢ় প্ৰতিজ্ঞ ।

Exit mobile version