বাঘজান ক্ষতিগ্ৰস্তৰ আশ্ৰয়শিবিৰ জিলা উপায়ুক্তৰ কায্যালয়লৈ হস্তান্তৰিত

IMG 20200824 132953

বাঘজানৰ বি জি আৰ-৫ তৈলখাদৰ জুই তিনিমাহে অইল, অ এন জি চিৰ নাজিৰা, বৰোদাৰ লগতে ছিংগাৰপুৰৰ বিশেষজ্ঞ দলেও অহৰহভাৱে প্ৰচেষ্টা অব্যাহত ৰখাৰ পাছতো নিৰ্বাপিত কৰিব নোৱৰাত যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আজি বাঘজান মিলনজ্যোতি যুৱ সংঘৰ নেতৃত্বত বাঘজানবাসীয়ে টালিটোপোলা বান্ধি আশ্ৰয় শিবিৰৰ পৰা সুৰক্ষিত আশ্ৰয়স্থল বিচাৰি জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত আশ্ৰয় শিবিৰ স্থাপন কৰে ৷

পুৱাৰ ভাগতে অতি কৌশলেৰে বাঘজান আৰক্ষী চকীৰ চকুত ধূলি মাৰি পৃথক পৃথককৈ প্ৰায় তিনি শতাধিক পুৰুষ-মহিলা উভয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত উপস্থিত হয় ৷ বাঘজানবাসী উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত আহি পোৱাৰ পূৰ্বৰে পৰা সাজু হৈ আছিল আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু সম্পুৰ্ণ বন্ধ কৰি দিয়া হৈছিল জিলা উপায়ুক্তৰ কায্যালয়ৰ প্ৰৱেশদ্বাৰ ৷

তাৰ পাছতো দিনৰ মাজভাগৰ পৰা জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত আশ্ৰয় শিবিৰ স্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ সময়ত বাঘজানবাসীয়ে বাঘজানক সুৰক্ষিত কৰক, তৈলখাদৰ জুই অতি সোনকালে নিৰ্বাপিত কৰক, বাঘজানবাসীক ক্ষতিপূৰণ প্ৰদান কৰক, দুখিক উচিত শাস্তি প্ৰদান কৰক, আমাক পঢ়িবলৈ দিয়ক, মাগুৰি বিলক সুৰক্ষিত কৰক, আমাক পূৰ্বৰ বাঘজান ঘূৰাই লাগে, বাঘজানক ন্যায় লাগে, আমাক জীয়াই থকাৰ পৰিৱেশ ঘুৰাই লাগে, ভাৰত চৰকাৰ হায় হায়, অইলৰ মিথ্যাচাৰ নচলিব আদি শ্ল’গানযুক্ত বেনাৰ হাতত লোৱাৰ লগতে শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

আবেলিলৈ প্ৰতিবাদস্থলীতেই প্ৰতিবাদকাৰীসকলে আহাৰ গ্ৰহণ কৰাৰ লগতে নিশাৰ কাৰণে শিবিৰ স্থাপনৰ ব্যৱস্থা কৰে আৰু বাঘজান বি জি আৰ-৫ তৈলখাদৰ জুই নিৰ্বাপিত কৰাৰ লগতে উচিত ক্ষতিপূৰণ প্ৰদান নকৰা পয্যন্ত উপায়ুক্তৰ কায্যালয়ৰ সন্মুখতে শিবিৰ পাতি থকাৰ সিদ্ধান্ত লয়, বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখতেই শিবিৰ পাতি অৱস্থান গ্ৰহণ কৰি থাকে ৷

বাঘজান আঞ্চলিক মিলনজ্যোতি যুৱক সংঘই আজি উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত আশ্ৰয় শিবিৰ স্থাপন কৰাৰ সন্দৰ্ভত কয় যে, “বাঘজানত অইলৰ সম্পূৰ্ণ হেমাহিৰ কাৰণে আজি পৰ্যন্ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই, গতিকে ইয়াত অইলৰ লগতে জিলা প্ৰশাসন আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰো সমানে জগৰীয়া ৷ আৰম্ভণিতে বহুজন মন্ত্ৰী, বিধায়কৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী আহি তৎক্ষনাত কাৰ্যকৰী হোৱাকৈ আঁচনি ঘোষণা কৰিছিল যদিও আজি পৰ্য্যন্ত সেয়া কায্যকৰী হোৱা নাই, মাথো ৰাজনীতিৰ কৰিবলৈ আহিল বাঘজানলৈ ৷

আনহাতে, অইল আৰু জিলা প্ৰশাসনৰ লগত বাৰম্বাৰ আলোচনা বহাৰ পাছতো আজি পৰ্য্যন্ত বাঘজানবাসীলৈ ক্ষতিপূৰণ প্ৰদান নকৰিলে ৷ গতিকে আজি আমি বাঘজানত থাকিব নোৱাৰি জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত আশ্ৰয় শিবিৰ স্থাপন কৰি থাকিবলৈ আহিছো আৰু যেতিয়ালৈকে জুই নিৰ্বাপিত কৰি উচিত ক্ষতিপূৰণ প্ৰদান নকৰে তেন্তে আমি জিলা উপায়ুক্তৰ কায্যালয়ৰ পৰা এক খোজো লৰচৰ নহও স্পষ্ট কথা ৷”

ইফালে, বৰ্তমান সময়ত তৈলখাদৰ পৰা তিনিমাহকৈ দিন অহৰহভাৱে গেছ আৰু কণ্ডেণচেট তেল নিৰ্গত হোৱাৰ লগতে জুই জ্বলি থকাৰ ফলত বাঘজানৰ বায়ু, পানী, শব্দ প্ৰদূষিত হৈ সেই পৰিৱেশত মানুহৰ লগতে জীৱকূলৰ বসবাসৰ কাৰণে অনুপযোগী হৈ উঠিছে ৷ শেহতীয়াকৈ, বাঘজান অঞ্চলত মৃত শিশু প্ৰসূতিয়ে জন্ম দিয়াৰ লগতে পোহনীয়া জীৱ-জন্তু, চৰাই-চিৰিকটীৰ পোৱালিসমূহৰ মৃত্যু হোৱাৰ অভিযোগ আহিছে ৷

Exit mobile version