চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতী দাঁতৰ সৈতে গ্ৰেপ্তাৰ এজন । চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত চিৰাং আৰক্ষী আৰু বন বিভাগে বিয়লি ২.৩০ বজাৰ পৰা যৌথ অভিযান চলাইছিল । জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত দহ কেজি ওজনৰ দুটা হাতী দাঁতৰ সৈতে দুই নং খাগ্ৰাবাৰীৰ এলেন বসুমতাৰী(৪৬) নামৰ লোক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
গ্ৰেপ্তাৰ হোৱা লোকজন হাতী দাঁতৰ চোৰাং ব্যৱসায়ী দলৰ সদস্য বুলি জনায় আৰক্ষী অধীক্ষক জনে । গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা হাতীদাঁত দুটাৰ সৈতে মোবাইল ফোন এটা আৰু এটা ৰেইনকোট জব্দ কৰে । দাদগিৰি আৰক্ষী চকীত এই সন্দৰ্ভত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ৩২১ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে ।
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি গ্ৰেপ্তাৰ লোকজনক অধিক তথ্যৰ বাবে সোধপোচ চলাই আছে । হাতীদাঁতৰ চোৰাং ব্যৱসায়ত বিটিচিৰ কোনো বিশেষ ৰাজনৈতিক দলৰ নেতাৰ হাত আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।