অসমৰ ৰাজনীতিত শিল্পীৰ যোগদানৰ জোৱাৰ

154516 untitled 2 recovered

কংগ্ৰেছৰ সমান্তৰালভাৱে আজি বিজেপিত যোগদান কৰিলে অসমৰ মনোৰঞ্জন জগতৰ বহুকেইজন শিল্পীয়ে ৷ সীমান্ত শেখৰ, পংকজ ইংতি, প্ৰাঞ্জনা দত্ত, পল ফুকন, ডিমলী গগৈ, প্ৰাণজিৎ দাস, জয় চক্ৰৱৰ্তী, দীপক শৰ্মা, প্ৰিয়ংকা কলিতা, বিৰিণা পাঠক আদিৰ লগতে প্ৰায় ২৮ জন শিল্পীয়ে যোগদান কৰে বিজেপিত ৷ কন্ঠশিল্পীৰ পৰা অভিনেতালৈ লগতে ভ্ৰাম্যমাণৰ পৰা বিহুশিল্পীলৈ সকলো সম্প্ৰতি ৰাজনীতিত।

কণ্ঠশিল্পী বাবু, নেকিব আৰু অজয় ফুকনৰ লগতে আন বহু শিল্পীয়ে কংগ্ৰেছত যোগদান কৰাৰ সমান্তৰালভাৱে বিজেপিতো শিল্পীসকলৰ যোগদানৰ জোৱাৰ উঠে ৷ সম্প্ৰতি অসমৰ মনোৰঞ্জন জগতৰ বহু সংখ্যক শিল্পী ৰাজনৈতিক পথাৰত পদাৰ্পন কৰা প্ৰসংগই চৰ্চা লাভ কৰিছে ৷

Exit mobile version