আজিৰে পৰা আৰম্ভ অক্সফৰ্ড ক’ভিড-১৯ প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা

corona vaccine

পুনেস্থিত চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই অক্সফৰ্ড ক’ভিড-১৯ৰ প্ৰতিষেধকৰ মানৱ শৰীৰত দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল আজিৰ পৰা আৰম্ভ কৰিছে । ভাৰতৰ চিৰাম ইনষ্টিটিউটে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা তৈয়াৰী ক’ভিড-১৯ৰ প্ৰতিষেধকৰ অধিক হাৰত প্ৰস্তুত কৰিবৰ বাবে ব্ৰিটিছ কোম্পানী AstraZeneca ৰ সতে চুক্তিবদ্ধ হৈছে ।

এই সম্পৰ্কত চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ অতিৰিক্ত সঞ্চালক প্ৰকাশ কুমাৰ সিঙে কয় যে, “আমি চিডিএছচিঅ'(CDSCO)ৰ পৰা অনুমোদন লাভ কৰিলো । ২৫ আগষ্টৰ পৰা ভাৰতী বিদ্যাপীঠ মেডিকেল কলেজ আৰু হাস্পতালত মানৱ দেহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিম । আমি বিশ্বাসী যে, আমি দেশৰ জনসাধাৰণৰ বাবে অতি সোনকালেই বিশ্বব্যাপী ক’ভিড-১৯ ৰ প্ৰতিষেধক উপলব্ধ কৰিব পাৰিম আৰু আমাৰ দেশখনক আত্মনিৰ্ভৰশীল হিচাপে গঢ় দিব পাৰিম ।”

উল্লেখ্য চিৰাম ইনষ্টিটিউটে উন্নত পৰীক্ষাৰ বাবে মুঠ ১৭ টা স্থানক মনোনীত কৰিছে । চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, ইয়াৰ ভিতৰত আছে দিল্লীৰ এইমছ, পুনেৰ বি জে মেডিকেল কলেজ, পাটনাৰ ৰাজেন্দ্ৰ মেম’ৰিয়েল ৰিচাৰ্ছ অৱ মেডিকেল চাইন্স, চণ্ডীগড়ৰ প’ষ্ট গ্ৰেজুৱেটইনষ্টিটিউট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, জোধপুৰ এইমচ, গোৰখপুৰৰ নেহেৰু হাস্পতাল, অন্ধ্ৰপ্ৰদেশ মেডিকেল কলেজ, বিশাখাপট্টনম আৰু মেচুৰৰ জে এছ এছ একাডেমি অফ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ । ইপিনে, এই ট্ৰায়েলত ১৮ বছৰতকৈ অধিক বয়সৰ প্ৰায় ১৬০০ জন লোকে অংশ লোৱাৰ সম্ভাৱনা আছে ।

Exit mobile version