আলফা স্বাধীনৰ নামত অবড়ো নেতা যোগেশ্বৰ কলিতাক মৃত্যুৰ ভাবুকি

Story 3 6

আলফা স্বাধীনৰ ৰাজনৈতিক মুনাফা লাভৰ ষড়ষন্ত্ৰত লিপ্ত হৈছে সাংসদ নৱ শৰণীয়াই । তেওঁ কেকোৰা পোৱালীৰ নিচিনাকৈ মাকৰ বুকুত থকা অৱস্থাৰ পৰা মাকক খুলিখুলি খাই এটা সময়ত মাকক নিশেষ কৰি দিয়াৰ পৰ্যায় পাইছে । এই মন্তব্য অবড়ো সুৰক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাৰ। অলপতে ছ’চিয়েল মিডিয়া যোগে যোগেশ্বৰ কলিতাক আলফা স্বাধীনৰ নামত অবড়ো ৰাইজক বিটিচি নিৰ্বাচনৰ সময়ত ভাগ কৰিব বিচৰা বুলি ভাবুকি প্ৰদান কৰাৰ পিছত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদকজনে ।

অৱশ্যে আজি এক ভিডিঅ’ বাৰ্তা যোগে আলফা স্বাধীনৰ তৰফৰ পৰা যোগেশ্বৰ কলিতালৈ কোনো ভাবুকি দিয়া নাই বুলি আজি স্পষ্ট কৰি দিয়ে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ কেপ্তেইন দীপ অসমে । এয়া কোনো দুষ্কৃতিকাৰীৰ কাম হ’ব পাৰে বুলি ভিডিঅ’ৰ বাৰ্তাটোত কোৱা হৈছে। ইপিনে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তি যোগে কয় যে- সাংসদ নৱ শৰণীয়াই ছালফাৰ পৰা সাংসদ হিচাপে প্ৰতিষ্ঠিত হ’ল অবড়ো সুৰক্ষা সমিতিৰ দ্বাৰা ।

বৰ্তমান সেই সংগঠনৰ প্ৰতিষ্ঠাপক তথা সাধাৰণ সম্পাদকক নীতিগতভাৱে একো কৰিব নোৱাৰি আলফা স্বাধীনৰ একেবাৰে তলৰ পৰ্যায়ৰ কৰ্মী “মাজু অসম”ৰ দ্বাৰা যোগ হত্যাৰ ভাবুকি দিয়া কাৰ্য গৰিহণা যোগ্য। এই ঘটনাত সাংসদ নৱ শৰণীয়া জড়িত বুলি মুকলিকৈ অভিযোগ আনিছে যোগেশ্বৰ কলিতাই । প্ৰেছ বিবৃত্তিটোত লগতে কোৱা হৈছে যে আগন্তুক বিটিচি নিৰ্বাচন উপলক্ষে ফটা ঢোল বজাই থকা নৱ শৰণীয়া উজান বজাৰৰ হত্যা কাণ্ডৰ বাবে থানাই থানাই উলংগ হ’ব লগা হৈছিল । নৱ শৰণীয়াক অবড়ো সুৰক্ষা সমিতিয়ে সাংসদ সাজিলে, তেওঁ এতিয়া আকৌ অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদকক মৃত্যুৰ ভাবুকি দি পুৰস্কৃত কৰিব ওলাইছে।

ছ’চিয়েল মিডিয়াত আলফাৰ নামত কলংক মাজু অসমে নৱ শৰণীয়াৰ ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টীৰ ওচৰত বিক্ৰী যোৱা কোনোবা ভুৱা আলফাহে হ’ব লাগিব কাৰণ আলফাই কোনো ৰাজনৈতিক দলৰ হৈ বক্তব্য নিদিয়ে । এই সমগ্ৰ পাকচক্ৰটোৰ সৈতে কলিতা ছাত্ৰ সন্থাৰ পৰা বহিস্কৃত বৰ্তমান গণ সুৰক্ষা পাৰ্টীৰ দুই-এজন কৰ্মীৰ মনে সজা কাহিনী মাথো । কিয়নো অবড়ো সকলক বা ঐক্য মঞ্চক অবড়ো সুৰক্ষা সমিতিয়ে ভাগ ভাগ কৰা নাই, ভাগ ভাগ কৰিছে নৱ শৰণীয়াই ।

প্ৰেছ বিবৃত্তিটোত উল্লেখ কৰা হয় যে অবড়ো সকলক ঐক্যবদ্ধ হবলৈ সৰভোগ, থমনা , বিজনী , নলবাৰী, গুৱাহাটী বিষ্ণু নিৰ্মলা ভৱন তথা কাউৰ বাহাত সভা আহ্বান কৰা হৈছিল । বৈঠক হ’ল ঠিকেই, কিন্তু বৈঠকৰ সিদ্ধান্তবোৰ কিন্তু কাৰ্যকৰীকৰণৰ ব্যাৱস্থা সাংসদ গৰাকীয়ে নল’লে । বাৰে বাৰে অবড়ো সুৰক্ষা সমিতিক কুজা কৰিব বিচাৰিলে তেওঁ । কাৰণ সাংসদ নৱ শৰনীয়াই গাওঁ কৰ্ত্তন হোৱাটো নিবিচাৰে ।

অবড়ো সকলৰ সকলৰ সমস্যা সমাধান সলনি বড়ো অবডোৰ সংঘাতৰ সুযোগ লৈ তেও ৰাজনৈতিক মুনাফা লাভৰ বাহিৰে একো নকৰে আৰু কৰিব নোৱাৰে। শ্বহীদ লাফিকুল ইছলামৰ হত্যাকাণ্ড, যতীন বৈশ্য হত্যকাণ্ডৰ ন্যায় প্ৰদানৰ বাবে সাংসদ গৰাকীয়ে যি ভূমিকা ল’ব লাগিছিল সেয়া নল’লে । সেয়েহে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে অবড়ো সুৰক্ষা সমিতিক ভাবুকি দি কোনো লাভ নহ’ব বুলি সকীয়াই দিয়ে যোগেশ্বৰ কলিতাই।

Exit mobile version